বিক্ষোভত জ্বলিছে শ্ৰীলংকা! পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জৰুৰী অৱস্থা ঘোষণা

তীব্ৰ অৰ্থনৈতিক সংকটত ভোগা শ্ৰীলংকাৰ জনতাৰ বিক্ষোভত একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে দেশখনৰ চৰকাৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শুকুৰবাৰে নিশা জৰুৰী অৱস্থা ঘোষণা কৰা হয়।

জনতাৰ হিংসাত্মক প্ৰতিবাদৰ ফলত জীৱনৰ নিৰাপত্তা, আইন-শৃংখলা ৰক্ষা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ তথা জৰুৰী সেৱা সুচল কৰি ৰখাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব দিয়ে দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষে।

লগতে পঢ়ক: কৃষ্ণাইৰ টুকুৰাত আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী; নিহত তিনিজন ডকাইত

বিগত কেইমাহ ধৰি বিদেশী মুদ্ৰাৰ চৰম সংকটৰ ফলত শ্ৰীলংকাত পণ্য আমদানি বাধাগ্ৰস্ত হৈ পৰিছে। ইয়াৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে আকাশ চুইছে। ইন্ধানৰ অভাৱত দেশৰ জনতাই আনকি ৰান্ধনিঘৰৰ চৌকাও জ্বলাব পৰা নাই। সেইদৰে, দেশখনত কেৰাচিনৰ বাবে ঘন্টাকে ধৰি ঘন্টা শাৰীত থিয় হৈ মৃত্যুক সাৱটিবলগীয়া ঘটনাও ঘটিছে।

লগতে পঢ়ক: ডিব্ৰুগড়ত নিজেই পিষ্টলেৰে মূৰত গুলীয়ালে ১৫ বছৰীয়া কিশোৰীয়ে

তদুপৰি, শ্ৰীলংকাত ইন্ধানৰ অভাৱত বিদ্যুৎ উৎপাদনো বাধাপ্ৰাপ্ত হৈছে। ইয়াৰ ফলত দিনে ১২-১৩ঘন্টা বিদ্যুৎ কৰ্তন কৰা হৈছে। কাগজৰ অভাৱত বিদ্যালয়সমূহত পৰীক্ষাও বন্ধ হৈ পৰিছে। দৈনিক বাতৰিকাকতৰ মুদ্ৰণো বন্ধ হৈছে।