Sri Lanka President flees: ৰাষ্ট্ৰপতি ভৱনত বিক্ষুব্ধ জনতাৰ আক্ৰমণ; ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ পলায়ন

Sri Lanka President Gotabaya Rajapaksa flees ৰাষ্ট্ৰপতি ভৱনৰ পৰা পলায়ন কৰিলে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই।  শনিবাৰে প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতি ভৱনত আক্ৰমণ চলোৱাৰ পিছতে গোটাবায়াই এই পদক্ষেপ গ্ৰহণ কৰে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা AFPয়ে স্থানীয় সংবাদ মাধ্যমৰ বাতৰিৰ ভিত্তিত এই তথ্য প্ৰদান কৰিছে। এনে কিছুমান ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত প্ৰতিবাদকাৰীক শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত উপস্থিত হোৱা দেখা গৈছে। শ্ৰীলংকাৰ একাংশ মিডিয়া সংস্থায়ো এই ভিডিঅ’সমূহ প্ৰদৰ্শন কৰিছে।

লগতে পঢ়ক: অমৰনাথ ডাৱৰ বিস্ফোৰণ: নিহতৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি, উদ্ধাৰ প্ৰায় ১৫,০০০ ব্যক্তিক

এই ভিডিঅ’সমূহত প্ৰতিবাদকাৰীসকলে শ্ৰীলংকাৰ পতাকা লৈ শ্ল’গান দি থকা দেখা গৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ্ছে এক প্ৰতিবেদনত এই কথা নিশ্চিত কৰিছে।

দৰাচলতে শ্ৰীলংকাৰ প্ৰতিবাদকাৰীয়ে দীৰ্ঘদিন ধৰি গোটাবায়া ৰাজাপক্ষেৰ পদত্যাগৰ দাবী কৰি আহিছে। চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা শ্ৰীলংকা তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ আহিছে। তেতিয়াৰ পৰাই দেশখনৰ ৰাজপথত মানুহে প্ৰতিবাদ কৰি আহিছে।

বিশেষজ্ঞসকলে কয় যে শ্ৰীলংকাৰ এই অৱস্থা চৰকাৰী নীতি আৰু কোভিড মহামাৰীৰ বাবেই হৈছে।

লগতে পঢ়ক: সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ: জম্মু-কাশ্মীৰত নিহত ভাৰতীয় সেনা জোৱান

ইয়াৰ পূৰ্বে ৮ জুলাইতো শ্ৰীলংকাৰ ৰাজধানী কলম্বোত মানুহে বিক্ষোভ প্ৰদৰ্শন কৰিছিল। প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰী আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। ধৰ্মীয় নেতা, সমাজকৰ্মী, শিক্ষক-শিক্ষয়িত্ৰী, কৃষক, চিকিৎসকৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক দলৰ কৰ্মকৰ্তা সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰে।

শনিবাৰৰ বিক্ষোভতো আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ বাতৰি আহিছে। এই সংঘৰ্ষত ১০০ৰো অধিক প্ৰতিবাদকাৰী আহত হোৱাৰ খবৰ পোৱা গৈছে। আহত সকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।