কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি
শ্ৰীলংকাৰ পশ্চিম উপকূলীয় চহৰ নেগম্ব‘ত অৱস্থিত কাৰাগাৰত সংঘটিত এক ভয়াৱহ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে বুলি সোমবাৰে কৰ্তৃপক্ষই জানিবলৈ দিছে। কাৰাগাৰৰ ভিতৰত ড্ৰাগছ সৰবৰাহক সমৰ্থন কৰা আৰু ইয়াৰ বিৰোধিতা কৰা দুটা ফৈদৰ মাজত দেওবাৰে আৰম্ভ হোৱা এই সংঘৰ্ষ সোমবাৰে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰে যেতিয়া একাংশ বন্দীয়ে কাৰাগাৰৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লয়। এই ঘটনাত ১০০ৰো অধিক লোক আহত হোৱা বুলি স্থানীয় সংবাদ মাধ্যম হিৰু নিউজে প্ৰকাশ কৰিছে।
প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, অত্যধিক বন্দী থকা কাৰাগাৰখনৰ ভিতৰত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত এটা চক্ৰ আৰু এনে কাৰ্যকলাপৰ বিৰোধিতা কৰা আন এটা গোটৰ মাজত এই ৰক্তক্ষয়ী সংঘৰ্ষৰ সূত্ৰপাত ঘটে। দেওবাৰে আৰম্ভ হোৱা এই বিবাদ সোমবাৰলৈ অধিক ভয়াৱহ হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম হোৱাত কাৰাগাৰখনৰ নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰা হয়। বৰ্তমান কাৰাগাৰৰ ভিতৰত আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ আৰু সংঘৰ্ষ নিয়ন্ত্ৰণ গোট মোতায়েন কৰি পৰিস্থিতি শান্ত কৰাৰ প্ৰয়াস চলোৱা হৈছে।
কাৰাগাৰত শান্তি ঘূৰাই অনা আৰু পুনৰ হিংসাত্মক ঘটনা ৰোধ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে সোমবাৰে তিনিজন বন্দীক পাল্লানসেনা কাৰাগাৰ শিবিৰলৈ স্থানান্তৰ কৰা হয়। কাৰাগাৰ বিভাগৰ মুখপাত্ৰ এ চি গাজানায়েকে জানিবলৈ দিয়া মতে, সমগ্ৰ ঘটনাৰ কাৰণ আৰু পৰিস্থিতিৰ বিতং অনুসন্ধানৰ বাবে কাৰাগাৰৰ আয়ুক্ত প্ৰধানৰ নিৰ্দেশ মৰ্মে এক বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে আৰক্ষীৰ তৰফৰ পৰাও এক সুকীয়া তদন্ত আৰম্ভ কৰা হৈছে বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে।
শেহতীয়া পৰিস্থিতি সন্দৰ্ভত শ্ৰীলংকাৰ ন্যায় মন্ত্ৰী হৰ্ষণ নানায়াক্কাৰাই নেগম্ব‘ কাৰাগাৰত বন্দীসকলৰ মাজত হোৱা এই ভয়ংকৰ সংঘৰ্ষৰ এখন বিশদ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে, দেওবাৰে ঘটনাৰ সূত্ৰপাত হোৱাৰ দিনাই দণ্ডাধীশ পৰ্যায়ৰ এক তদন্ত সম্পন্ন কৰা হৈছিল। বৰ্তমান সমগ্ৰ কাৰাগাৰখনৰ পৰিস্থিতি কঠোৰ নিৰীক্ষণত ৰখা হৈছে আৰু প্ৰশাসনৰ ফালৰ পৰা পৰৱৰ্তী আইনী তথা সুৰক্ষামূলক পদক্ষেপসমূহ গ্ৰহণৰ প্ৰস্তুতি চলোৱা হৈছে জানিব পৰা গৈছে।