Sri lanka economic crisis: ভয়াৱহ সংকট! শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী

Sri Lanka runs out of fuel তীব্ৰ বিত্তীয় সংকটত ভুগিছে শ্ৰীলংকা। ইন্ধন তেলৰো তীব্ৰ নাটনি। তাৰমাজতে শ্ৰীলংকা চৰকাৰে ইন্ধন তেলৰ বিক্ৰী নিষিদ্ধ কৰিছে। কেৱল জৰুৰীকালীন সেৱাত নিয়োজিত গাড়ীয়েহে পেট্ৰ’ল, ডিজেল পাব। চৰকাৰে সকলো ব্যক্তিগত কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিছে।

চৰকাৰৰ মুখপাত্ৰ বন্দুলা গুনাৱাৰ্দনাই কয় যে আজি মাজনিশাৰ পৰা স্বাস্থ্য খণ্ডত জৰুৰীকালীন সেৱাৰ বাহিৰে আন কাকো ইন্ধন তেল বিক্ৰী কৰা নহ’ব। কাৰণ আমি আমাৰ ওচৰত থকা তেলখিনি বচাই ৰাখিব বিচাৰো। এই অসুবিধাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছো।

লগতে পঢ়ক: Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

যোৱা সপ্তাহত সকলো চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল। কিছুমান কাৰ্যালয় কম সংখ্যক কৰ্মচাৰীৰ সৈতে চলি আছে। দেওবাৰে চৰকাৰে কৈছিল যে ইন্ধন তেল বিচাৰিলেই পোৱা নাযাব। কিন্তু এইবাৰ চৰকাৰে তেল দিয়া বন্ধই কৰি দিছে।

ইপিনে, বিভিন্ন পেট্ৰ’ল পাম্পৰ সন্মুখত ইতিমধ্যে গাড়ীৰ দীঘলীয়া শাৰী দেখা গৈছে। দেশখনৰ বাসিন্দাসকল ভীষণ চিন্তিত হৈ পৰিছে। ৰাষ্ট্ৰসংঘই ইতিমধ্যে কৈছে যে শ্ৰীলংকা গুৰুতৰ সমস্যাত পৰিছে। পাঁচজনৰ ভিতৰত চাৰিজনে এসাঁজ খাই জীয়াই আছে। মানৱীয় সংকট আৰম্ভ হৈছে।

লগতে পঢ়ক: Horror in Texas: গা শিয়ৰি উঠা ঘটনা! আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ

এইবাৰ আকৌ ভয়াবহ ইন্ধন সংকট আহি পৰিছে। তেনে ক্ষেত্ৰত দেশখনত ৰাস্তাবোৰ প্ৰায় গাড়ী শূন্য হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে।