৫ জানুৱাৰিত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ ক্ৰিকেট মেচখনৰ বাবে আজি গুৱাহাটীত উপস্থিত হ’ব শ্ৰীলংকা দলৰ খেলুৱৈসকল।
শ্ৰীলংকাৰ দলটো এখন বিশেষ বিমানেৰে আবেলি ৪.৩০ বজাত গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হ’ব।
বিমান বন্দৰৰ পৰা পোনে পোনে দলটো হোটেল ৰেডিছন ব্লুলৈ আহিব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে বিমান বন্দৰকে ধৰি হোটেল ৰেডিছন ব্লুত নিৰাপত্তা ব্যৱস্থা কটকটয়া কৰি তোলা হৈছে।
বিমান বন্দৰৰ পৰা হোটেল ৰেডিছন ব্লুৰ মাজৰ পথছোৱাত তহলদাৰী আৰক্ষীৰ ব্যৱস্থা কৰা বুলিও জানিব পৰা গৈছে।
ইফালে ভাৰতীয় দলৰ ক্ৰিকেটাৰৰ লগতে অন্যান্য বিষয়ববীয়া সকল ৩ জানুৱাৰি অৰ্থাৎ শুকুৰবাৰে পৃথকে পৃথকে আহি গুৱাহাটীত উপস্থিত হ’ব।
উল্লেখ্য যে ৫ জানুৱাৰিত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মেচখনৰ বাবে যিসকল দৰ্শকে অনলাইনযোগে টিকট বুক কৰিছে তেওঁলোকৰ হাৰ্ডকপি সমূহ ইতিমধ্যে বুধবাৰৰ পৰা নেহৰু ষ্টেডিয়ামত প্ৰদানৰ ব্যৱস্থা কৰিছে।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা তীব্ৰ প্ৰতিবাদৰ বাবে টি-২০ মেচখনত দৰ্শকৰ সংখ্যা পূৰ্বতে হৈ যোৱা দুখন খেলৰ তুলনাত কম হ’ব বুলি বহুতে ধাৰণ কৰিছে।