NORTHEAST NOW (Assamese)

বৰপেটা কাৰাগাৰত শৃংখল চলিহা; পৰিয়ালক হাৰাশাস্তিৰ লক্ষ্যৰে শৃংখলক বৰপেটা কাৰাগাৰলৈ প্ৰেৰণৰ অভিযোগ মাতৃৰ

December 31, 2019 7:14 pm · পুলেন্দ্ৰ দাস
শৃংখল চলিহাৰ ফাইল ফটো।

নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণেৰে চৰকাৰক ব্যতিব্যস্ত কৰা অসমৰ কেইবাগৰাকী প্ৰতিবাদী কণ্ঠক কাৰাৰুদ্ধ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাক স্বাধীনতা খৰ্ব কৰিবলৈ ওলাইছে।

নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী আন্দোলনত যোগদান কৰি শক্তিশালী স্থিতিত অৱতীৰ্ণ হোৱা বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাক বৰপেটা কাৰাগাৰলৈ নিক্ষেপ কৰা হয়।

শৃংখল চলিহাক কৰায়ত্ব কৰি ‘কা’ বিৰোধী প্ৰতিবাদ দূৰ্বল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে।

দেওবাৰে গুৱাহাটী আদালতত শৃংখল চলিহাক হাজিৰ কৰাৰ পাচতেই আদালতে ৯ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল চলিহাক।

আদালতে একেটা নিৰ্দেশতে শৃংখল চলিহাক বৰপেটা জিলা কাৰাগাৰত ৰখাৰ বাবেও নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত দেওবাৰে নিশা শৃংখলক গুৱাহাটীৰ পৰা বৰপেটা জিলা কাৰাগাৰলৈ লৈ অহা হয়।

সম্প্ৰতি বৰপেটা জিলা কাৰাগাৰত থকা শৃংখল চলিহাক আজি পৰিয়ালৰ লোকে সাক্ষাৎ কৰে।

মাতৃ, ভগ্নীৰ লগতে পৰিয়ালৰ লোকে জিলা কাৰাগাৰত সাক্ষাৎ কৰে শৃংখল চলিহাক৷ বীৰ লাচিত সেনাৰ মুখ্য সম্পাদকৰ লগতে সংগঠনটোৰ বিষয়ববীয়া সকলেও আজি চলিহাক সাক্ষাৎ কৰে।

ইপিনে, শৃংখল চলিহাক সাক্ষাতৰ পাছতে মাতৃয়ে চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে।

চৰকাৰখনে পৰিয়ালটোক হাৰাশাস্তি কৰাৰ উদ্দেশ্যেই শৃংখলক সুদূৰ শিৱসাগৰৰ পৰা আনি বৰপেটা জিলা কাৰাগাৰত আৱদ্ধ কৰি ৰখা বুলি চৰকাৰক সমালোচনা কৰে মাতৃ গৰাকীয়ে।

চৰকাৰে এনে দমনমূলক নীতিৰে সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন মষিমুৰ কৰিব নোৱাৰিব বুলিও শৃংখলৰ মাতৃয়ে চৰকাৰক সকীয়াই দিয়ে।

আনহাতে, সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন চলাই নিয়াৰ বাবে শৃংখল চলিহায়ো আহ্বান জনায় বুলি মাতৃয়ে কয়।

সাংবাদিকৰ আগত বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ চৰকাৰৰ দমনমূলক নীতিক তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে।

Related News