• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনৈতিক নেতাৰ স্বাৰ্থসিদ্ধি পূৰণৰ মঞ্চ হৈ পৰিল নেকি গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধস্থলী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2025 6:21 pm
707
VIEWS
Share on FacebookShare on Twitter

আজি গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ। শদিয়াৰ টুপচিঙা গাঁৱত আজি অনুষ্ঠিত হৈছে প্ৰয়াত শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। হাজাৰ হাজাৰ লোকে এই আদ্যশ্ৰাদ্ধত আগভাগ লৈছে। মৃত্যুৰ দিনাৰ পৰাই ৰাজীৱ শদিয়াৰ ঘৰলৈ অবিৰাম সোঁত গুণমুগ্ধৰ। যোৱা ১২ জানুৱাৰীত অৰ্থাৎ মাঘ বিহুৰ উৰুকাৰ আগদিনা গীত পৰিৱেশন কৰি থাকোতেই ঢলি পৰিছিল ৰাজীৱ শদিয়া। দুটা গীত পৰিৱেশন কৰি তৃতীয় গীতটো পৰিৱেশন কৰাৰ সময়তে হঠাৎ ঢলি পৰিছিল জনপ্ৰিয় শিল্পীগৰাকী।

ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ নেতা, জাতীয় দল সংগঠনৰ নেতৃত্বই ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ সকলো দায়িত্ব লোৱাৰ উপৰিও তিনিচুকীয়া, শদিয়াৰ বিভিন্ন গাঁৱৰ ৰাইজে দিনে নিশাই সংগ ৰাজীৱ শদিয়াৰ পৰিয়ালক।

বিপ্লৱী গীতেৰে জনতাৰ হৃদয়ত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা ৰাজীৱ শদিয়াৰ অকাল বিয়োগৰ পাছতে সৃষ্টি হৈছিল অভূতপূৰ্ব পৰিস্থিতিৰ।

অতি সামান্য জীৱন যাপন কৰা ৰাজীৱ শদিয়াই জাতিৰ বাবে গীত গাই ৰাইজৰ হিয়াৰ আমঠু হৈ পৰিছিল। অসমীয়া জাতি প্ৰেমমূলক গীতেৰে ৰাজ্যৰ সংগীত জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৰাজীৱ শদিয়া।

ভিডিঅ’টো চাবলৈ এই লিংকত ক্লিক কৰক : https://www.facebook.com/AkhilGogoiRD/videos/2106052066532211

কিন্তু আজি ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধত দেখা গ’ল এক আচহুৱা দৃশ্য! আজি আদ্যশ্ৰাদ্ধত উপস্থিত আছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈ। গগৈয়ে সামাজিক মাধ্যম ফেচবুকত শদিয়াৰ শ্ৰাদ্ধত উপস্থিত থকাৰ এক নাতিদীৰ্ঘ ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত গগৈয়ে ৰাজীৱ শদিয়াৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱা পৰিলক্ষিত হৈছে। কিন্তু দেখা গৈছে যে, অখিল গগৈয়ে হাঁহিমুখেৰে এই শোকাকূল পৰিৱেশত ৰাইজৰ সৈতে মত-বিনিময় কৰিছে, ৰাইজৰ ভাতৰ থালিৰ পৰা ব্যঞ্জনৰ জু্তি লৈছে লগতে হাঁহি-হাঁহি ৰাইজৰ লগত ছেলফী উঠা দেখা গৈছে। লগতে বহু লোকৰ সৈতে হাস্যবদনে ফটোৰ পজ দিলে গগৈয়ে। এটা অতি শোকাকূল পৰিৱেশত গগৈয়ে উপস্থিত থাকি সুহৃদয়তা দেখুৱাইছে ঠিক তেনে সময়তে গগৈৰ ব্যক্তিগত আন কামবিলাকত বহুতে ৰাজনীতিৰ গোন্ধ পাইছে। এইখিনিতে সচেতন ৰাজনৈতিক মহলত প্ৰশ্ন উঠিছে যে, গগৈয়ে আদ্যশ্ৰাদ্ধত থাকি ছেলফী লোৱাটো কিমানদূৰ উচিত হৈছে? সেই প্ৰশ্ন আমি সাধাৰণ ৰাইজৰ বাবে এৰিলোঁ।

Recent News

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

গুৱাহাটীৰ দম্পতীক লখিমপুৰত অবৈধভাৱে বিক্ৰী কৰা নৱজাতকক উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে   

গুৱাহাটীৰ দম্পতীক লখিমপুৰত অবৈধভাৱে বিক্ৰী কৰা নৱজাতকক উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে   

গুৱাহাটীৰ মলৰ পিভিআৰ চিনেমাত ফলছ চিলিং ভাঙি পৰি দৰ্শকৰ মাজত আতংক; ৩ জন আহত

গুৱাহাটীৰ মলৰ পিভিআৰ চিনেমাত ফলছ চিলিং ভাঙি পৰি দৰ্শকৰ মাজত আতংক; ৩ জন আহত

অ’ভেল টেষ্টত আজি জয়ী হ’বলৈ ভাৰতক লাগে আৰু ৪ টা উইকেট; ইংলেণ্ডক প্ৰয়োজন ৩৫ ৰান

অ’ভেল টেষ্টত আজি জয়ী হ’বলৈ ভাৰতক লাগে আৰু ৪ টা উইকেট; ইংলেণ্ডক প্ৰয়োজন ৩৫ ৰান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd