মানৱাধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়ালৈ Star Independent Award আৰু ভাৰত গৌৰৱ সন্মান

dibya

স্বাধীনতা দিৱসৰ দিনাই মানৱাধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়ালৈ Star Independent Award আৰু ভাৰত গৌৰৱ সন্মান প্ৰদান কৰা হয়।

ষ্টাৰ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ তৰফৰ পৰা এই সন্মান ড০ শইকীয়ালৈ প্ৰদান কৰা হয়।

অন্ধবিশ্বাস,ডাইনীকাণ্ড,সাম্প্ৰদায়িকতাৰ লগতে সমাজ বিৰোধী অপশক্তিৰ বিৰুদ্ধে আৰু শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ হকে দুটা দশক ধৰি নিৰবিছিন্ন  ভাবে ৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়োৱা সেৱাৰ বাবে স্বাধীনতা দিৱসৰ শুভক্ষণত মানৱ অধিকাৰ তথা সমাজ কর্মী ড০ দিব্যজ্যোতি শইকীয়ালৈ ষ্টাৰ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ তৰফৰ পৰা “Star Independent Award 2020 ৰাষ্ট্ৰীয় বঁটা” আগবঢ়োৱা হয় বুলি জানিব পৰা গৈছে।

ইয়াৰোপৰি, দ্যা মেইহৰ টাইমছ কাকত আৰু অক্সিটি য়ে ভাৰত গৌৰৱ সন্মান আগবঢ়ায় শইকীয়ালৈ।

উল্লেখযোগ্য যে স্বাধীনতা দিৱস উপলক্ষে আগবঢ়োৱা এই দুয়োটা ৰাষ্ট্ৰীয় বঁটাৰ উপৰি মানৱ অধিকাৰ তথা সমাজ কর্মী ড০ দিব্যজ্যোতি শইকীয়ালৈ অলপতে ভাৰত চৰকাৰৰ উদ্যোগত ভূতপূৰ্ব উপ প্ৰধানমন্ত্ৰী বাবু জগজীৱনৰামৰ “বাবু জাগজীৱনৰাম ফাউণ্ডেশ্যনে” ড০ শইকীয়ালৈ “বাবু  জগজীৱনৰাম স্মৃতি সন্মান” আগবঢ়ায়।

আনহাতে অসমৰ কেৱল যোগাত্মক বাতৰি প্ৰচাৰ কৰা এন ই ফ’কাচ ডট কমৰ চতুৰ্থ বৰ্ষপূতি উপলক্ষে ড০ দিব্যজ্যোতি শইকীয়াক “সফল ব্যক্তিত্বৰ সন্মান”প্ৰদান কৰা হয়।

দেশৰ ভিন্ন প্ৰান্তত অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত সমাজ সেৱা আগবঢ়াই অহা ড০ শইকীয়াক ইতিমধ্যে দেশৰ ৫৯ টা অনুষ্ঠানে ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান প্ৰদান কৰাৰ উপৰি ই টিভি ভাৰতে শান্তি মানৱতা আৰু মানৱ অধিকাৰ তথা অন্ধবিশ্বাস ৰ ওপৰত চলাই অহা সংগ্ৰামৰ বাবে  তেওঁৰ কৰ্মৰাজিৰ ওপৰত এখন চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰি ড০ শইকীয়াক স্বীকৃতি প্ৰদান কৰে।