মোদীৰ নাৰী সবলীকৰণ!পঞ্চায়তত মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ দাবী ৰাজ্যিক বিজেপিৰ

BJP BJP

গুৱাহাটীত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ অপৰাজিতা ভূঞাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

সমাগত পঞ্চায়ত নিৰ্বাচন। তাক লৈ বিভিন্ন ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থীসকলক জয়ী কৰাবৰ বাবে কুচ-কাৱাজ অৱ্যাহত ৰখাৰ সমান্তৰালকৈ ৰাজ্যিক বিজেপিয়েও ৰচনা কৰিছে নানা কৌশল।

এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ দুয়োটা পৰ্য্যায়তে মহিলাক বেছিকৈ গুৰুত্ব প্ৰদান কৰি ৰাজ্যিক বিজেপিয়ে জিলা পৰ্য্যায়ৰ সদস্য পদৰ পৰা আৰম্ভ কৰি সদস্য পৰ্য্যায়লৈকে মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰি সমৰ্থন আদায়ৰ চেষ্টাত নামিছে ৰাজ্যিক বিজেপি।

সপ্তাহটোৰ ৬ টা দিন সংবাদমেল সম্বোধন কৰা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰসকলৰ সমান্তৰালকৈ বিজেপিৰ আন এগৰাকী মুখপাত্ৰ অপৰাজিতা ভূঞাই সংবাদমেল সম্বোধন কৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বত মহিলাৰ গুৰুত্বৰ কথা সদৰী কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ মহিলাকেন্দ্ৰিক পুৰণি আঁচনিৰ কথা দোহাৰে।

আজি সম্বোধন কৰা সংবাদমেলত অপৰাজিতা ভূঞাই কয়, ‘’এইবাৰ ৬২ শতাংশতকৈও অধিক মহিলাক জিলা পৰিষদৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ প্ৰদান কৰা হৈছে। লগতে ৬০ শতাংশ মহিলাক পঞ্চায়তৰ অন্য পদসমূহত প্ৰাৰ্থিত্ব প্ৰদানৰ সুবিধা প্ৰদান কৰিছে।‘’

তদুপৰি মহিলাসকলৰ প্ৰতি বিজেপি দল অধিক দায়বদ্ধ হোৱাৰ বাবে চৰকাৰখন গঠন হোৱাৰে পৰা এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বুলি সংবাদমেলত দাবী কৰে অপৰাজিতাই।

আনহাতে, উক্ত সংবাদমেলতে মহিলাকেন্দ্ৰিক কেতবোৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ উদ্ধৃতি দি জনসাধাৰণক আকৃষ্ট কৰা দেখিবলৈ পোৱা গ’ল। তাৰ বিপৰীতে ‘কনকলতা মহিলা সবলীকৰণ’ আঁচনিৰ বাদে অন্য কোনো পদক্ষেপ ৰাজ্য চৰকাৰৰ ফালৰ পৰা নিজাববীয়াকৈ গ্ৰহণ নকৰাটোৱে প্ৰতিপন্ন হ’ল বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীৰ বক্তব্যৰ পৰা।

উক্ত সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ ‘বেটী পঢ়াও বেটী বচাওঁ’ আঁচনিৰ উদ্ধৃতি দি তেওঁ কয়, ‘’চৰকাৰে মহিলা সবলীকৰণৰ লক্ষ্য আগত ৰাখি তথা কন্যা সন্তানৰ ভ্ৰুণ হত্যাৰ প্ৰতিৰোধৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে।‘’

তদুপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘’উজালা আঁচনিৰ’ অধীনত গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাই যাতে ৰন্ধন গেছ লাভ কৰিব পাৰে, তাৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ পাছত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উক্ত সংবাদমেলত তেওঁ কয়।

মন কৰিবলগীয়া যে, হিমা দাসৰ প্ৰসংগ টানি আনি অপৰাজিতাই অসমত মহিলা ক্ৰীড়াবিদসকলৰ অধিক উন্নয়নৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লোৱা বুলি দাবী কৰে।

আনহাতে, শিশু আৰু মহিলাসকলৰ ওপৰত হোৱা নিৰ্য্যাতনৰ তৎকালীন খবৰ দিয়াৰ বাবে প্ৰতিখন পঞ্চায়তত হেল্পলাইন গঠন কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হ’ব বুলিও উক্ত সংবাদমেলত আশ্বাস দিয়ে।

তদুপৰি প্ৰতিটো বিধানসভা সমষ্টিৰ ১০০০ টা আত্ম সহায়ক গোটক ২৫ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি ‘কনকলতা মহিলা সবলীকৰণ’ আঁচনিৰ কাম আৰম্ভ হোৱা বুলি দাবী কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে।

নিৰ্বাচনৰ পূৰ্বে চমক সৃষ্টি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা সদৰী কৰিলেও প্ৰকৃতাৰ্থত গাঁৱৰ ৰাইজ লাভাম্বিত হ’বনে সেয়া সময়ত লক্ষণীয় হ’ব।