ৰাজ্যখনত জুই জ্বলাই থৈ ক’ত লুকাল হিমন্ত বিশ্ব শৰ্মা?

21-05-18-Guwahati-Himanta-Biswa-Sarma-press-meet-2-1024x661

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ছবি।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ হোৱাৰ সময়তে ৰাজ্যৰ বিত্ত মন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই এই আন্দোলনটোক এক সাধাৰণ আন্দোলন হিচাপে প্ৰতিপন্ন কৰাৰ যৎপৰোনাস্তি চেষ্টা চলাইছিল।

আৰম্ভণিৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত নেতাগৰাকীয়ে অসমৰ জাতীয়তাবাদী নেতৃত্বক উপলুঙাসূচক মন্তব্য কৰি বিধেয়কখনক যথাৰ্থতা প্ৰদান কৰাৰ চেষ্টা চলাইছিল।

কেবল সেয়াই নহয়, অসমত কেব নাহিলে অসমীয়া মানুহ বিপদত পৰিব বুলি সাৱধানবাণীহে শুনাইছিল নিশাটোৰ ভিতৰতে দল সলনি কৰি বিজেপিৰ ত্ৰাণকৰ্তা হৈ পৰা নেতাগৰাকীয়ে।

অসমীয়াৰ স্বয়ম্ভু অভিভাৱকৰ ৰূপত অৱতীৰ্ণ হৈ ৰাজ্যখনৰ বুদ্ধিজীৱী, জাতীয়তাবাদী সংগঠন তথা কেবৰ বিৰোধিতা কৰা সকলো পক্ষকে তুচ্ছ-তাচ্ছিল্য কৰি বিজেপি চৰকাৰৰ প্ৰতি ৰোষ বৃদ্ধি কৰাত অৰিহনা যোগাইছিল।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন গৃহীত কৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই অধিক উৎসাহ প্ৰদৰ্শন কৰি অসমৰ জাতীয়তাবাদী সংগঠনৰ লগতে কেবৰ বিপক্ষে মাত মতা সকলোকে আক্ৰমণৰ লক্ষ্য কৰি লয়।

তদুপৰি, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেব বিৰোধী আন্দোলনৰ কোনো প্ৰভাৱ নপৰে বুলি বিভিন্ন সভাই-সমিতিয়ে বক্তৱ্য ৰাখিছিল।

আনহাতে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অতিক্ৰমী হিমন্ত বিশ্ব শৰ্মাই আইন শংখলা পৰিস্থিতিৰ কোনো শংকাৰ কাৰণ নাই বুলি বুজাব বিচাৰিছিল।

বিভিন্ন সময়ত প্ৰৰোচনামূলক তথা উচটনিমূলক মন্তব্য দি মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদৰ পৰিৱশে এটাৰ সৃষ্টি কৰিছিল। আনকি সম্ভাৱ্য প্ৰতিবাদকাৰী জনতাক তুচ্ছ-তাচ্ছিল্য কৰি তেওঁ উত্তেজিতহে কৰি তুলিছিল।

স্বাভাৱিকতে, ৰাজ্যসভাত কেব গৃহীত কৰিবলৈ চৰকাৰে আগবঢ়াৰ সময়ত ৰাজ্যখনত যি প্ৰতিবাদৰ জুই জ্বলিল তাত তেওঁৰ সেই মন্তব্যবোৰে আজি এক ইন্ধন যোগাইছে।

প্ৰতিবাদকাৰীসকলে স্পষ্টভাৱে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই চাই লওক আমাৰ প্ৰতিবাদৰ শক্তি।

আনহাতে, কেইদিনমান আগতে নেতাগৰাকীয়ে মন্তব্য কৰিছিল যে কেবৰ বিৰুদ্ধে আন্দোলনটো আশা কৰা মতে হোৱা নাই। অৱশ্যে, আজি তেওঁৰ সেই আশা কৰা প্ৰতিবাদটো হ’ল নে নাই সেয়া ক’বলৈ মন্ত্ৰীগৰাকীয়ে ক’তো দৰ্শন দিয়া নাই।

স্পষ্টভাষাত ক’বলৈ গ’লে ৰাজ্যখনত জুই জ্বলাই থৈ তেওঁ এতিয়া হয়তো ক’ৰবাত মন্ত্ৰণাত ব্যস্ত।