চাকৰি প্ৰাৰ্থীৰ বয়সৰ সীমা বৃদ্ধিকে ধৰি ৰাজ্যিক কেবিনটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

cabinet meeting

বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত বয়সৰ সীমা ৩৮বছৰৰ পৰা ৪০বছৰলৈ বৃদ্ধি কৰা হৈছে।

কেবিনেট বৈঠকে অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়কত অনুমোদন জনায়। লগতে বৈঠকে দৰং জিলাৰ মঙলদৈত প্ৰায় ১০০বিঘা মাটিত প্ৰায় ৯০০কোটি টকা ব্যয় সাপেক্ষে এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কেবিনে বৈঠকে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিধেয়ক (MSME Bill)ৰ সংশোধনীতো অনুমোদন জনাইছে।

সেইদৰে, অসম ঐতিহ্য সুৰক্ষা আৰু সংৰক্ষণ বিধেয়কতো কেবিনেটে অনুমোদন জনায়।

কেবিনেটে প্ৰস্তাৱিত ৰাজ্যিক ৰাজধানী অঞ্চলৰ পৰা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ তথা তিৱা স্বায়ত্ত শাসিত পৰিষদ অঞ্চলক বাহিৰত ৰখা বিষয়টোত অনুমোদন জনায়।

আজিৰ কেবিনেট বৈঠকে কোভিড-১৯ৰ সেৱাত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা সাংবাদিক, হোম গাৰ্ড, কেজুৱেল কৰ্মচাৰীসকলক ৫০লাখ টকাৰ বীমা প্ৰদানৰ বিষয়তো অনুমোদন জনায়।

কেবিনেটে ৰাজ্যৰ নিৰ্বাচিত হিতাধিকাৰীৰ পৰিয়ালসমূহক প্ৰতিমাহে ৮৩০টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব খোজা অৰুণোদয় আচঁনিখনত অনুমোদন জনায়।

সেইদৰে, ১৯৭৫চনতে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা ধনশিৰি জলসিঞ্চন প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে নাৱাৰ্ডৰ পৰা ১১৬কোটি টকাৰ ঋণ গ্ৰহণৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনায়।