আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। আগন্তুক লোকসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি নিৰ্বাচন আয়োগে ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই নিৰ্বাচনত যাতে কোনো ধৰনৰ ভোটাৰ থাকি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে শিক্ষানুষ্ঠান সমূহত ভোটাৰৰ সজাগতাৰ বাবে এক কাৰ্য্যসূচী হাতত লৈছে।
এই সজাগতাৰ বাবে প্ৰতিখত ৰাজ্যত একো গৰাকী ব্যক্তিক ষ্টেট আইকন হিচাপে নিয়োগ কৰিছে। অসমৰ বাবে ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গায়িকা তৰালী শৰ্মাক ষ্টেট আইকন হিচাপে নিয়োগ কৰিছে নিৰ্বাচন আয়োগে ৷
গুৱাহাটী, যোৰহাটৰ পিছত আজি শিৱসাগৰত উপস্থিত হয় তৰালী শৰ্মা। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, শিৱসাগৰ কলেজ, ডিমৌ মহাবিদ্যালয় আদিকে ধৰি বহুকেইখন শিক্ষা অনুষ্ঠানত অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভোটদানৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে মন্তব্য প্ৰদান কৰে তৰালী শৰ্মাই।
গায়িকা তৰালী শৰ্মাই শিক্ষা অনুষ্ঠান সমূহত উপস্থিত হৈ আমি কিয় ভোট দিব লাগে ? ভোট দিয়া কিয় প্ৰয়োজন ? কেনেধৰনে ভোট দিব লাগে তাৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ মাজত মন্তব্য আগবঢ়ায় ৷
তাৰোপৰি EVM মেছিন কি ? আৰু নতুনকে ব্যৱহাৰ হ’ব লগীয়া VVPAT মেছিন কি? এই মেছিনে কি কাম কৰিব তাৰ ওপৰতো ভাষণ আগবঢ়ায়।