NORTHEAST NOW (Assamese)

লোকসভা নিৰ্বাচন : হিমা, অংকুশিতা, গোলাপ ৰাভাসহ তিনিজনক ৰাজ্যিক আইকন নিযুক্তি

March 11, 2019 10:11 am · এন ই নাও নিউজ

তিনিটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কেইবাগৰাকীও শিল্পী, ক্ৰীড়াবিদ, প্ৰকৃতিপ্ৰেমীৰ লগতে যুৱপ্ৰজন্মৰ প্ৰতিনিধিক নিৰ্বাচন আয়োগে ৰাজ্যিক আইকন নিযুক্তি দিছে।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সূত্ৰই জনোৱা অনুসৰি ভোটাৰ ৰাইজক ভোটদানৰ প্ৰতি আকৰ্ষিত আৰু অধিকাৰ সাব্যস্তৰ বাবে, সজাগতা সৃষ্টিৰ বাবে ৰাজ্যিক নিৰ্বাচন আইকন নিযুক্তি দিয়া হৈছে।

এই অনুসৰি অসমৰ মুখ্য নিৰ্বাচনী আয়োগে অসমত নিৰ্বাচনী সজাগতাৰ বাবে ৰাজ্যিক আইকন হিচাপে নিযুক্তি দিছে সংগীত শিল্পী তৰালি শৰ্মা, প্ৰকৃতিপ্ৰেমী পূৰ্ণিমা দেৱী বৰ্মান, এথলীট তথা ধিং এক্সপ্ৰেছ হিমা দাস, বক্সাৰ অংকুশিতা বড়ো, ব’ডী বিল্ডাৰ গোলাপ ৰাভা আৰু অভিনেতা কপিল বৰাক।

নিৰ্বাচন আয়োগে নিযুক্তি দিয়া আইকনকেইগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচন উদ্দেশ্যে ভোটাৰক আকৰ্ষণৰ বাবে সজাগতামূলক প্ৰচাৰ চলোৱাৰ লগতে বিজ্ঞাপন আৰু ৰাজহুৱা সভা-সমিতিতো অংশ গ্ৰহণ কৰিব।

ইপিনে নিৰ্বাচন আয়োগে ষ্টেট আইকন হিচাপে নিযুক্তি দিয়া আটাইকেইগৰাকীয়ে সংবাদমাধ্যমৰ আগত উৎফুল্লিত হৈ পৰা বুলি উল্লেখ কৰে।

Related News