লোকসভা নিৰ্বাচনক লৈ সাজু নিৰ্বাচন আয়োগ; কেইবাটাও নতুন তথা গুৰত্বপূৰ্ণ ঘোষণা

আগন্তুক লোকসভা নিৰ্বাচনক লৈ সাজু নিৰ্বাচন আয়োগ। আজি মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহু আৰু অতিৰিক্ত নিৰ্বাচনী বিষয়া বিবেকানন্দ ফুকনে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়া চাহুৱে কয় যে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলে বিজ্ঞাপন বাতৰি কাকত নাইবা টেলিভিচনত প্ৰকাশ কৰাৰ পূৰ্বে নিৰ্বাচনী আয়োগে গঠন কৰি দিয়া Media Certification Monitoring Committeeৰ পৰা প্ৰমাণ পত্ৰ ল’ব লাগিব। সেই একেই ব্যৱস্থা ৰাজ্যিক পৰ্যায়তো থাকিব বুলি চাহুৱে কয়।

অৱশ্যে দুয়োখন কমিটিয়ে কোনো প্ৰাৰ্থী অথবা ৰাজনৈতিক দলক যদি প্ৰমাণ পত্ৰ নিদিয়ে তেন্তে কিয় প্ৰমাণ পত্ৰ দিয়া নহ’ল, সেই বিষয়ে আবেদনৰ জৰিয়তে জানিব পাৰিব বুলি মুখ্য নিৰ্বাচনী গৰাকীয়ে উল্লেখ কৰে।

লগতে মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে বিজ্ঞাপন গ্ৰহণ কৰাৰ ক্ষেত্ৰত ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমক সাবধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। লগতে এইবাৰ পেইড নিউজৰ বিৰুদ্ধেয়ো নিৰ্বাচন আয়োগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে উল্লেখ কৰে।

তাৰোপৰি ভোটিং মেচিনৰ ক্ষেত্ৰত কিছু নতুনত্ব অনা হ’ব বুলি উল্লেখ কৰি চাহুৱে কয়, ‘এইবাৰ প্ৰত্যেক পোলিং ষ্টেশ্ব্যনত নিৰ্বাচনী আয়োগে ভি.ভি.পেড(Voter Verifiable Paper Audit trail) ব্যৱহাৰ কৰিব। পূৰ্বতে বেলট য়ুনিট আৰু কনট্ৰ’ল য়ুনিট আছিল। এইবাৰৰ পৰা এটা ভিভিপেড নামৰ নতুন মেচিন থাকিব আৰু ইয়াক বেলট য়ুনিটৰ লগত ৰখা হ’ব।‘

ভিভিপেডযুক্ত ই.ভি.এমৰ ব্যৱহাৰৰ সম্পৰ্কত চাহুৱে সংবাদমেলত কয় ‘ভিভিপেড মেচিনটোৰ পৰা এখন কাগজ প্ৰিন্ট হ’ব, সেই কাগজত প্ৰাৰ্থীৰ ক্ৰমিক নম্বৰ, নাম, আৰু তেওঁৰ প্ৰতীক প্ৰিন্ট হৈ যাব, সেই প্ৰিন্ট পেপাৰখন বেলট বাকচত পৰি যাব। মেচিনটোত এখন কাচৰ খিৰিকী থাকিব, সেই খিৰিকীৰে ভোটাৰসকলে কাক ভোটদান কৰিলে সেইটো ৭ চেকেণ্ডৰ বাবে চাব পাৰিব।‘

আজিৰ সংবাদমেলতে চাহুৱে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী খৰচৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব বুলি কয়। তেওঁ কয় যে কোনো ৰাজনৈতিক দল অথবা প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবদ খৰচ কৰা টকাৰ সঠিক হিচাপ নিৰ্বাচনী আয়োগৰ হাতত জমা দিব লাগিব। এই ক্ষেত্ৰত কোনো বিসংগতি থাকিলে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও চাহুৱে কয়।

আনহাতে ভোটাৰসকলৰ সুবিধাৰ্থে নিৰ্বাচনী আয়োগে এইবাৰ সমগ্ৰ ভাৰততে চি-ভিজিল নামৰ মোবাইল এপৰ সেৱা আৰম্ভ কৰিছে বুলি জানিবলৈ দি তেওঁ সংবাদেলত কয় ‘এই এপৰ জৰিয়তে সাধাৰণ জনসাধাৰণে নিৰ্বাচনী নীতি উলংঘা হোৱা দেখিলে আপত্তি দৰ্শাব পাৰিব। নিৰ্বাচনী হিংসা বা অনিয়ম হৈ থকা দেখা পালে এই এপৰ জৰিয়তে ফটো তুলি আপল’ড কৰিব পাৰিব।‘

ইয়াৰোপৰি ভোটাৰ হেল্পলাইন নামৰ মোবাইল এপৰ জৰিয়তে ভোটাৰসকল সন্মুখীন হোৱা বিভিন্ন অসুবিধা তথা সমস্যাসমূহৰ সমাধান বিচাৰি পাব।