আজিৰে পৰা শিৱসাগৰত আৰম্ভ হৈছে ৰাজ্যিক জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

20201003_163927(1)

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত আৰম্ভ হৈছে ৰাজ্যিক জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা।

 ঐতিহ্যমণ্ডিত শিৱসাগৰত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা অসম প্ৰদেশ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন আৰম্ভ হৈছে শিৱসাগৰ জিলাৰ অ’এনজিচি কলনিৰ ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা মুকলি মঞ্চত।

৩ আৰু ৪ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব জানিব পৰা গৈছে। এই সভাতেই আগন্তুক ২০২১ৰ বিধান সভাৰ নিৰ্বাচনৰ কুছকৱাচ আৰম্ভ হব বুলি এক সুত্ৰৰ পৰা জানিব পৰা গৈছে।

আজি সভাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। দলৰ নেতা কৰ্মীয়ে আদৰণি জনায় দুয়োকেই।

ইফালে মু্খ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এক বিশেষ পূজাত অংশ লোৱা দেখিবলৈ পোৱা যায়।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে পতাকা উত্তোলন কৰি এই কাৰ্যনিৰ্বাহক সভাৰ উদ্ধোধন কৰে। সভাত ৰাজ্যৰ আটাইকেইখন জিলাৰ যুৱ মৰ্চাৰ প্ৰতিনিধি উপস্থিত হৈছে।

কালিলৈ অৰ্থাৎ ৪ অক্টোবৰত এই কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকিব শিক্ষা, স্বাস্থ্য, বিত্ত তথা গড়কপ্তানী  মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন কেইবাজনো মন্ত্ৰী।