NORTHEAST NOW (Assamese)

ভাতৃ দ্বিতীয়া উপলক্ষে কাইলৈ ৭ খন জিলাত স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

October 28, 2019 5:48 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।উৎস-ইণ্টাৰনেট

ভাতৃ দ্বিতীয়া উপলক্ষে অসম চৰকাৰে মঙলবাৰে অৰ্থাৎ ২৯ অক্টোবৰত ৰাজ্যখনৰ সাতখন জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে।

অসম চৰকাৰৰ ঘোষণা অনুসৰি বন্ধ থাকিবলগীয়া জিলা কেইখন হৈছে ক্ৰমে-বাক্সা, চিৰাং, ওদালগুৰি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ আৰু তিনিচুকীয়া।

এই বন্ধৰ সময়ত ৰাজ্য চৰকাৰৰ সকলো ধৰণৰ কাৰ্য্যালয় আৰু স্কুল, কলেজকে ধৰি সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ থাকিব।

ৰাখী বন্ধনৰ সৈতে মিল থকা হিন্দু সকলৰ এটা পবিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়াত ভগ্নী সকলে নিজৰ ভাতৃৰ প্ৰিয় খাদ্য প্ৰস্তুত কৰি খুৱাই আৰু মংগল কামনা কৰে।

আনহাতে, প্ৰতিদান স্বৰূপে ভাতৃয়ে নিজৰ ভগ্নীলৈ উপহাৰ যাচে। মূলত বিহাৰ, উত্তৰপ্ৰদেশত এই উৎসৱ বিধ উলহ মালহেৰে পালন কৰা যায়।

প্ৰতিবছৰে কাতি মাহৰ শুক্লপক্ষৰ দ্বিতীয় চান্দ্ৰ দিনত এই উৎসৱ পালন কৰা হয়।

Related News