ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা দিব ৰাজ্য চৰকাৰে

MINISTER PHOTO

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যমন্ত্ৰী ভৱেশ কলিতা। ফাইল ফটো

ৰাজ্য চৰকাৰে তেওঁলোকৰ এইটো কাৰ্যকালতে প্ৰতিটো ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিব। সোমবাৰে বিধানসভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যমন্ত্ৰী ভৱেশ কলিতাই এইকথা প্ৰকাশ কৰে।

অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে সদনত জনায় যে ভূমিহীনসকলক পট্টা দিয়াৰ বাবে প্ৰক্ৰিয়া অব্যাহত আছে ইয়াৰ বাবে প্ৰযুক্তিৰ সহায় লোৱা হৈছে।

তেওঁ কয়, ‘’ৰাজ্যখনৰ ৩৩ খন জিলাত বাস কৰা ভূমিহীন খিলঞ্জীয়া পৰিয়ালসমূহে ভূমিপট্টাৰ জৰিয়তে ভূমিস্বত্ত্বৰ অধিকাৰ লাভ কৰিব। প্ৰয়োজনীয় প্ৰযুক্তিৰ সহায় লৈ আমি প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তুলিছো।‘’

সৰ্বমুঠ ৯,৫৯৯ খন পট্টা আৰু ভূমি আৱন্টনৰ প্ৰমানপত্ৰ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰাৰ বাবে সাজু হৈ আছে।

কলিতাই জনায় যে ১৯৮৯ চনৰ চৰকাৰৰ ভূমি নীতি অনুযায়ী খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা আছিল। গ্ৰাম্যাঞ্চলত এনে পৰিয়ালে গৃহ নিৰ্মাণৰ বাবে ১ বিঘা আৰু কৃষিকৰ্ম তথা আনুষংগিক কামৰ বাবে আন ৭ বিঘা মাটি লাভ কৰিব পাৰে।

আনহাতে, গুৱাহাটী মহানগৰীকে ধৰি আন নগৰবোৰত আৱন্টনৰ সীমা ক্ৰমে ১ কঠা ১০ লেচা আৰু ২ কঠা। ভূমি নিষ্পত্তিৰ এই প্ৰক্ৰিয়া চলি থকা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত জানিবলৈ দিয়ে।

ইয়াৰ মাজতে ৰাজ্য চৰকাৰে হৰিশংকৰ ব্ৰহ্ম সমিতিৰ চূড়ান্ত প্ৰতিবেদনৰ পৰামৰ্শৱলী পৰীক্ষা কৰিছে আৰু এক নতু ভূমি নীতি গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এইক্ষেত্ৰত প্ৰচলিত ভূমি আইন তথা নীতিসমূহৰ প্ৰয়োজনীয় সংশোধনীৰ কামো গ্ৰহণ কৰিছে।