কৃষক মুক্তি সংগ্ৰাম সংগ্ৰাম সমিতিৰ দুই শীৰ্ষ নেতা বন্দী হৈ থকা সময়তে চৰকাৰৰ ১০ জানুৱাৰিৰ পৰা টোলগেট মুকলিৰ সিদ্ধান্ত

Toll Gate

টোল গেট

ৰাজ্যত নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলন চলি থকাৰ সময়তে অসম চৰকাৰে ৰাজ্যখনৰ ৮ খন টোলগেট পুনৰ মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

অহা ১০ জানুৱাৰি শুকুৰবাৰৰ পৰা টোলগেট কেইখন খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

ৰহাৰ টোলগেটখনৰ লগতে চৰকাৰে নাজিৰাখাট, চালপাৰা, পাতগাঁও, মদনপুৰ, হাৱাজান, মিকিৰাতি আৰু মান্দাৰদিছাত থকা টোলগেট কেইখন খোলাৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে, ৰহাৰ টোলগেটখনক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

‘কা’ বিৰোধী আন্দোলনৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বৰ্তমান তেওঁ কাৰাগাৰত বন্দী হৈ আছে।

অখিল গগৈৰ উপৰি সংগঠনটোৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰো নিয়াৰ জিম্মাত আছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুই শীৰ্ষ নেতা বন্দী হৈ থকাৰ সুযোগ গ্ৰহণ কৰি ৰাজ্য চৰকাৰে টোলগেট কেইখন খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি বুলি বিভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে।

আনহাতে, সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে টোলগেট কেইখনৰ পৰা দৈনিক ৬০ লাখ টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য বান্ধি লৈছে।