আজিৰে পৰা অনিৰ্দিষ্টকাললৈ চকাবন্ধ; কি বিকল্প ব্যৱস্থা লৈছে চৰকাৰে?

lockdown-1594475731-750x375

প্ৰতিনিধিত্বমূলক ফটো।

সোমবাৰৰ পৰা সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান দিয়া অনিৰ্দিষ্টকালীন  চকাবন্ধৰ সময়ছোৱাত গোটেই অসমতে ইয়াৰ প্ৰভাৱ পৰিছে।

বন্ধৰ সময়ছোৱাত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ বাহিৰে ব্যক্তিগত ব্যৱসায়িক যান-বাহনৰ চলাচল বন্ধ আছে।

ৰাজ্যখনৰ বিভিন্ন স্থানলৈ যাত্ৰা কৰিবলগীয়া লোকসকলৰ বাবে বন্ধৰ সময়চোৱাত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ চলাচল অব্যাহত ৰাখিব ৰাখিছে।

যাত্ৰীসকলে যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰবাবে অধিক সংখ্যক এএছটিচিৰ বাছ চলাচল কৰাৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগমে নিৰ্দেশনা দিছে।

পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে নিগমৰ বাছসমূহ চলাচল কৰিব। নিগমে ৰাজ্যখনত মুঠতে ৬৫০খনকৈ বাছ চলোৱাৰো ব্যৱস্থা কৰাৰ কথা জানিব পৰা গৈছে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ দাসে তেওঁলোকৰ দাবী সম্পৰ্কত জানিবলৈ দিছিল যে ‘লকডাউনৰ মাজত আমাৰ কৰ ৰেহাই দিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছিলো। যিহেতু যাত্ৰী ৫০ শতাংশ কঢ়িয়াব লাগে গতিকে আমাৰ কৰো ৫০ শতাংশ ৰেহাই দিব লাগে। ৬ মাহ কাল আমি গাড়ী চলাচল নকৰাকৈয়ে এনেই বীমা বহন কৰিলো। আমাৰ বীমাৰ সময় ৬ মাহ বৃদ্ধি কৰিব লাগে।‘

ইপিনে, য’তে ত’তে টোলগেটসমূহ হোৱাৰ বাবে গাড়ীৰ মালিকৰ ওপৰত মাধমাৰ সোধোৱাৰ দৰে হৈছে বুলি উল্লেখ কৰি তেওঁ কয় ‘এই টোলগেটৰ জৰিয়তে চৰম অৰাজকতা চলিছে। গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি পাৰ হ’লে ১৩৫ টকা লয় আৰু বেলেগ জিলাৰ পৰা অহা যাত্ৰীবাহী বাহনৰ পৰা ৫৩৫ টকা লয়। এইবিলাক কোন দেশৰ নিয়ম?’

আনহাতে,, ৫০ শতাংশ যাত্ৰী কঢ়িয়াবৰ বাবে অনুমতি দিয়াৰ সমান্তৰালকৈ যাত্ৰীৰ পৰা ৫০ শতাংশ ভাড়া বেছিকৈ ল’বলৈ অনুমতি দিবলৈ মটৰ পৰিবহন সন্থাই আহ্বান জনাইছে।

ইপিনে, মঙলবাৰে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সৈতে তেওঁলোকৰ দাবী সন্দৰ্ভত আলোচনা কৰিবলৈ পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহনে পাটোৱাৰীয়ে আমন্ত্ৰণ জনাইছে।