অসমৰ বাহিৰত থকা প্ৰৱাসী অসমীয়ালৈ আজি প্ৰথম কিস্তিৰ ২০০০টকা মুকলি কৰি দিয়া হ’ব: স্বাস্থ্য মন্ত্ৰী

WhatsApp Image 2020-04-20 at 12.58.35 PM

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদেমেল। ফটো : নৰ্থইষ্ট নাও

অসমৰ বাহিৰত আৱদ্ধ হৈ থকা প্ৰৱাসী অসমীয়ালৈ প্ৰথম কিস্তিত ২০০০ টকাকৈ মুকলি কৰি দিয়াৰ সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে। আজি মুঠ ৮৬,০০০ লোকৰ বাবে এই ধনৰাশি মুকলি কৰি দিয়া হ’ব। উক্ত লোকসকলৰ বেংক বেংক একাউন্টত প্ৰত্যক্ষভাৱে জমা হ’ব এই ধন।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেল যোগে এই কথা সসদৰী কৰে।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে মিছড্ কল সেৱা মুকলি কৰি দিয়াৰ পাছত বৰ্তমালৈকে ৯ লাখ ২৯ হাজাৰ ৫৬৮ টা মিছড্ কল আহিছে। তাৰ ভিতৰত ৪,২৯,৮৫১ টা কল অসমৰ বাহিৰৰ পৰা আহিছে।

এই লোকসকলৰ ভিতৰত ২,২৮,১২৬ গৰাকী লোকে ফৰ্ম ফিল-আপ কৰি পঠিয়াইছে। তাৰ ভিতৰত ৮৬০০০ লোকক প্ৰথম কিস্তিত ২০০০ টকাকৈ দিয়া হ’ব। পাছত আৰু এটা কিস্তি মুকলি কৰি দিব ৰাজ্য চৰকাৰে।

৮৬,০০০ লোকক ফৰ্ম পৰীক্ষণ কৰি বাছি ওলোৱা হৈছে। বাকী লাভ নকৰা সকলক চিন্তা কৰিবলৈ মানা কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অহা ২২ এপ্ৰিলৰ ভিতৰত তেওঁলোকৰ একাউন্টত এই ধনৰাশি সোমাই যাব বুলি কয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা ২ ঘণ্টাৰ ভিতৰত ৮৬০০০ লোকৰ বেংকত ২ হাজাৰ টকাকৈ জমা হ’ব।

উল্লেখযোগ্য যে, শিক্ষা বিভাগৰ সচিব কল্যাণ চক্ৰৱৰ্তীৰ নেতৃত্বত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু পিৰামল ফাউণ্ডেষ্যনৰ ৪০০ ছাত্ৰ ছাত্ৰীক এই অসম কেয়াৰত স্বেচ্ছাসেৱক হিচাপে এই কামত নিয়োগ কৰা হৈছিল। তেওঁলোকেই ফোন নম্বৰ বাচনি, বাৰ্তা প্ৰেৰণ ইত্যাদি কাম সমূহ সম্পন্ন কৰিছিল।

উল্লেখযোগ্য যে, কৰ্ণাটকত ৬৮ হাজাৰ, কেৰেলাত ৩৪ হাজাৰ, তামিলনাডুত ৩৬ হাজাৰ, মহাৰাষ্ট্ৰত ২১ হাজাৰ, তেলেংগনাত ১৫ হাজাৰ, গোৱাত ৪৬০০, গুজৰাটত ৫,৬২০ গৰাকী, পশ্চিমবংগত ৪৫১২, হাৰিয়ানাত ৪৩০২, উত্তৰ প্ৰদেশ ৩৮০০, আৰু দিল্লীত ৩৭২৯ গৰাকী অসমৰ লোক আবদ্ধ হৈ আছে।

এওঁলোকৰ নাম ঠিকনা লাভ কৰাৰ বাবে কোনদিনা কোন ৰাজ্যৰ পৰা কোনখন ট্ৰেইনত আহিব, কোন ষ্টেচনত নামিব সেয়া গম পোৱা যাব।