ৰাজ্যৰ বনাঞ্চলৰ পৰিসৰ ২ হাজাৰ বৰ্গ কিলোমিটাৰ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশ গ্ৰহণ

DSC_3213

ৰাজ্য চৰকাৰে আগন্তক দিনত ৰাজ্যখনৰ বনাঞ্চলৰ পৰিসৰ ২ হাজাৰ বৰ্গ কিলোমিটাৰ বৃদ্ধিৰ বাবে পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে বন্যপ্ৰাণীৰ স্বাস্থ্য আৰু গৱেষণাৰ বাবে ইনষ্টিটিউট অৱ ৱাইল্ড লাইফ হেলৎ্‌ এণ্ড ৰিচাৰ্চ নামৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান গঢ়ি তুলিব। ডিব্ৰুগড় জিলাৰ দিনজানত এই প্রতিষ্ঠানটো গঢ়ি তোলা হ’ব।

আনহাতে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ দৰে প্রতিখন সংৰক্ষিত বনাঞ্চলত থকা কেম্পত সৌৰ শক্তি চালিত চাকি আৰু স্মাৰ্ট ফোন প্ৰদান কৰিব ৰাজ্য চৰকাৰে৷ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশী শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ দ্বাৰা আয়োজিত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে বৰাইল বনাঞ্চলত এটা বন সংমণ্ডল স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। দিহিং-পাটকাইক জয়পুৰৰ লগত সংযোগ কৰি ৰাষ্ট্ৰীয় উদ্যান এখন গঢ়ি তোলাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়।

তেওঁ লগতে কয় যে জোনাইৰ পবাস্থিত বৰ্ষাৰণ্যক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে।

ৰাজ্যখনৰ প্রাকৃতিক সম্পদ আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

বনাঞ্চল, বন্যপ্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ প্রাকৃতিক সৌন্দৰ্য অটুট ৰখাৰ বাবে সকলোৱে দায়বদ্ধতাৰে আগুৱাই আহিব লাগিব। পূৰ্বৰ চৰকাৰে গঁড় হত্যাৰ ক্ষেত্ৰত আন্তৰিকতা নেদেখুৱালে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাজিৰঙাত প্রতিমাহে গঁড় হত্যা হৈছিল।

বহু নিৰীহ প্রাণীৰ মৃত্যু হ’ল। চোৰাং চিকাৰীয়ে কাজিৰঙাক মুকলি পথাৰ হিচাপে গণ্য কৰিছিল। বৰ্তমানৰ ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ ফলত কাজিৰঙাত চোৰাং চিকাৰীৰ প্রৱেশ নিষিদ্ধ হ’ল।

১০ খন ফাষ্ট ট্ৰেক ক’ৰ্টৰ জৰিয়তে ২৪০ গৰাকী চোৰাং চিকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা দুৰ্নীতিৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সংকল্পবন্ধ আৰু দৃঢ় প্রতিজ্ঞ। দুনীৰ্তিক প্ৰশ্ৰয় দিয়া বিষয়া-কৰ্মচাৰী, ৰাজনীতিবিদ সাৰি যাব নোৱাৰে। দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলি থাকিব। এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব।

অনুষ্ঠানত ভাষণ প্রদান কৰি বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে ৰাজ্য চৰকাৰে ১০ কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত লৈ ৮ কোটি গছপুলি ৰোপণৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে।

মন্ত্ৰী গৰাকীয়ে কয় যে আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনৰ লগত প্রকৃতিৰ সম্পৰ্ক আছে। বন্যপ্ৰাণী সংৰক্ষণৰ প্রতি আমি সকলোৱে দায়বদ্ধ হ’ব লাগিব বুলিও তেওঁ কয়।

চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে। মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে কয় যে জীৱ-জন্তু আমাৰ আধ্যাত্মিক আৰু সমাজ জীৱনত অংগাগী ভাবে জড়িত।

আজিৰ এই অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ প্রধান সচিব অবিনাশ যোশী, প্ৰধান মুখ্য  বনসংৰক্ষক তথা ৰাজ্যৰ বন বাহিনীৰ প্রধান এ এম সিং, প্রধান মুখ্য বন্যপ্রাণী সংৰক্ষক(বন্যপ্ৰাণী) অমিত সাহাই ভাষণ দিয়ে।

মুখ্যমন্ত্ৰীয়ে বিশিষ্ট পৰিৱেশবিদ পৰিমল চন্দ্ৰ ভট্টচাৰ্যক আজিৰ অনুষ্ঠানতে জীৱনজোৰা সাধনা বঁটা প্রদান কৰাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণত উল্লেখযোগ্য ভূমিকা লোৱা ব্যক্তি, সংগঠনক বঁটা প্রদান কৰাৰ উপৰি বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত প্রতিযোগিতাৰ প্রতিযোগীসকলকো পুৰষ্কাৰ প্রদান কৰে।

মুখ্যমন্ত্ৰীয়ে হাড়গিলা সংৰক্ষণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি অহা ডঃ পূৰ্ণিমা দেৱী বৰ্মনকো সম্বৰ্দ্ধনা জনায়।