জনসাধৰণ তথা বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ ফলত ৰাজ্য চৰকাৰে সলনি কৰিলে নতুন উদ্যেগ নীতি।
নতুন উদ্যোগ স্থাপন কৰিবলৈ লাগিব ভূমিৰ অনুজ্ঞা পত্ৰ ৷ জনতা ভৱনত এক সংবাদমেল যোগে এই কথা জনায় উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷
কেবল আবেদন কৰিয়েই তিনি বছৰৰ বাবে কোনো অনুজ্ঞা পত্ৰ নোলোৱাকৈ উদ্যোগ স্থাপন কৰিব পাৰিব বুলি উল্লেখ আছিল পূৰ্বৰ অধ্যাদেশত ৷
খিলঞ্জীয়া ৰাইজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত ৰখাৰ অৰ্থে বুলি উল্লেখ কৰি পাটোৱাৰীয়ে কয়, “কোনো উদ্যোগ স্থাপনৰ বাবে কৃষি ভুমি অ-কৃষি কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰাৰ লগতে ভূমি নিৰ্দেশনা কঠোৰ বাবে মানি চলিব লাগিব ৷ কোনো উদ্যোগ আৰম্ভ কৰাৰৰ পূৰ্বে ভূমি সম্পৰ্কীয় অনুজ্ঞা পত্ৰ লব লাগিব।‘’
নতুন উদ্যোগ নীতিৰ আধ্যাদেশখনত থকা ভূমিৰ ব্যৱহাৰ সম্পৰ্কে একাংশ ৰাইজৰ মাজত ভূমি অধিকাৰৰ বিষয়টো লৈ কিছু আশংকাৰ সৃষ্টি হৈছিল আৰু সেয়ে এই সলনি কৰা বুলি জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে ৷
অসমৰ জাতি-মাটি-ভেটি ৰক্ষাত আমি কোনো দিন কম্প্ৰ’মাইজ নকৰো বুলি উল্লেখ কৰি পাটোৱাৰীয়ে কয়, “জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ৰক্ষা কৰি আছে ৷ অসমৰ জাতি-মাটি-ভেটি সদায় সুৰক্ষিত হৈ থাকিব ৷ অসমবাসী ৰাইজৰ প্ৰতিটো স্বাৰ্থ সুৰক্ষা কৰাটো প্ৰথম আৰু প্ৰধান কৰ্তব্য বুলি বিবেচনা কৰো।‘’
ইপিনে, ভূমি জৰীপৰ যেগেদি ৫৫ হাজাৰ খিলঞ্জীয়া লোকক মাটি দিয়াৰ লগতে ডিচেম্বৰলৈ ১ লাখ মানুহক দিয়া হব বুলি জানিব দিয়ে ৷
“২৬৩ কি:মি: ভাৰত-বাংলাদেশ সীমান্তৰ ২১৪.৮৭৯ কি:মি: ছীল কৰা হৈছে ৷ ২১০ কি:মি: ফেঞ্চিং সম্পূৰ্ণ হৈছে ৷ পানীৰ তলৰ সংবেদক, ভূমিৰ তলৰ সংবেদক, লেজাৰ আদি সীমান্তত ব্যৱহাৰ কৰা হৈছে ৷ বিএছ এফ ক সহায় কৰিবলৈ দ্বিতীয় শাৰীৰ সুৰক্ষা অসম আৰক্ষী বেটেলিয়নৰ নিযুক্তি দিয়া হৈছে,”-পাটোৱাৰীয়ে কয় ৷
আনহাতে, বৰাক আৰু বিটিআৰ অঞ্চলৰ বাদে অসমৰ সকলোতে বিদ্যালয়ত অসমীয়া ভাষা মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে অসম দৰ্পণৰ যোগেদি সত্ৰ-নামঘৰ সমূহলৈ যোৱা পথৰ লগতে সাহা়য্য প্ৰদান কৰা হৈছে বুলি জানিব দিয়ে মন্ত্ৰী জনে ৷
অসম আন্দোলনৰ প্ৰথম শাৰীৰ আন্দোলনকাৰী হিচাপে অসম চুক্তি সম্পৰ্কে যিখিনি কৰিছে তাৰ বাবে সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে পাটোৱাৰীয়ে।