ডাঃ দেবেন দত্ত হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

Dr Deben Dutta

ডাঃ দেবেন দত্ত

টীয়ক চাহ বাগিছাত এক আনাকাংক্ষিত পৰস্থিতিৰ ফলশ্ৰুতিত নিহত হোৱা ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

তদুপৰি, এই ঘটনাৰ পুংখানুপংখ তদন্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনক দায়িত্বভাৰ অৰ্পন কৰিছে মুখ্য মন্ত্ৰী সোণোৱালে।

আনহাতে, মুখ্য মন্ত্ৰীয়ে আজি প্ৰয়াত দেবেন দত্তৰ পত্নীৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰি হত্যাকাণ্ড ঘটনাত শোক প্ৰকাশ কৰাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

সোণোৱালে, এক বিবৃতিৰ জৰিয়তে আইন হাতত তুলি লোৱা এনে ধৰণৰ দুষ্কাৰ্য্যক কেতিয়াও সহ্য কৰা নহব বুলি কয়।

ঘটনাৰ লগত জড়িত দুষ্কৃতিকাৰীসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক ক’ৰ্টৰ জৰিয়তে কৰাৰ সিদ্ধান্ত লৈছে বুলিও মুখ্য মন্ত্ৰীয়ে কয়।