ৰাজ্য চৰকাৰৰ নতুন SOP প্ৰকাশ; ২২ জুনলৈ জাৰি কৰা নতুন SOPত কি আছে?

WhatsApp Image 2021-06-15 at 5.32.08 PM

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি হাফলঙত এক সংবাদেমেলত প্ৰকাশ কৰিলে নতুন SOP। অহা ২২ জুনলৈকে নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে এই নতুন SOP ত।

নতুন SOPৰ নীতি-নিৰ্দেশনাসমূহ হ’ল ক্ৰমে :-

১.গুৱাহাটীত কাৰ্ফিউ ১ বজাৰ সলনি ২ বজাৰ পৰা নিৰ্ধাৰিত কৰা হৈছে।

২.দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত কাৰ্ফিউৰ সময় বিয়লি ৫ বজাৰ পৰা দিয়া হৈছে।

৩.দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত দিনৰ ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধাবা, ৰেষ্টুৰেণ্ট।

৪.দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ : এইকেইখন জিলাৰ বাহিৰে বাকী জিলাসমহূত ১২ বজাতে বন্ধ হ’ব দোকান-পোহাৰৰ লগতে কাৰ্যালয়,ব্যৱসায়িক প্ৰতিষ্ঠান।

৫.২১ জুনলৈ নিয়ন্ত্ৰণ নহ’লে কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱত অধিক কঠোৰ হ’ব নিয়ম।

৬.দুটা ড’জ ভেকচিন লোৱা সকলো আহিব লাগিব কাৰ্যালয়লৈ।

৭.গৰ্ভৱতী মহিলা, ৫ বছৰতকৈ তলৰ শিশুৰ মাতৃ, দিব্যাংগসকলে ঘৰৰ পৰাই কৰিব পাৰিব কাম।

৮.সমূহ শিক্ষানুষ্ঠান বন্ধ থাকিব।

৯.ধৰ্মীয় অনুষ্ঠান, বিবাহ, সৎকাৰত সৰ্বাধিক ১০জনেহে ভাগ ল’ব পাৰিব।

১১.২২ জুনলৈকে আন্তঃজিলা যাতায়াত বন্ধ থাকিব।