যিকোনো উপায়ে ২৩ অক্টোবৰৰ অসম বন্ধ ব্যৰ্থ কৰিবলৈ সাজু চৰকাৰ-প্ৰশাসন

diphu-on-tuesday

অসম বন্ধ। ফাইল ফটো : নৰ্থইষ্ট নাও

২৩ অক্টোবৰত ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে আহ্বান জনোৱা অসম বন্ধ যিকোনো উপায়ে ব্যৰ্থ কৰাৰ বাবে তৎপৰ হৈ পৰিছে চৰকাৰ-প্ৰশাসন। ইয়াৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই সন্দৰ্ভত প্ৰতিখন জিলাৰে আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকললৈ নিৰ্দেশনা জাৰি কৰা হৈছে।

উক্ত বন্ধৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত কিছু নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি বন্ধৰ সমৰ্থনত ওলাই অহা লোকসকলক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে। তদুপৰি, বন্ধৰ সময়ছোৱাত হোৱা ক্ষয়ক্ষতিৰ মূল্য বন্ধৰ আহ্বান দিয়া সংগঠনৰ পৰা আদায় কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়া হৈছে।

আনহাতে, ৰাজ্যখনৰ পঞ্চায়ত পৰ্যায়লৈকে সকলো চৰকাৰী কাৰ্যালয়তে কৰ্মচাৰীসকলৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছে। বন্ধৰ দিনা কাৰ্যালয়ত উপস্থিত নথকা কৰ্মচাৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইপিনে ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিলে তেওঁলোকৰ ট্ৰেড লাইচেন্স বাতিল কৰা হ’ব। এই সন্দৰ্ভত সংশ্লিষ্ট জিলাৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকসকলে আগতীয়াকৈ ব্যৱসায়ীসকলক অৱগত কৰিব।

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জনসাধাৰণৰ নিৰাপত্তাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মজুত ৰখা হ’ব। তদুপৰি, যাতায়ত ব্যৱস্থা সুচল কৰি ৰখাৰ ক্ষেত্ৰতো নিৰাপত্তাৰক্ষী মজুত ৰখা হ’ব।

উল্লেখযোগ্য  যে কেন্দ্ৰত থকা বিজেপি চৰকাৰে (হিন্দু) বাংলাদেশীক সংস্থাপন দিবলৈ ব্যৱস্থা কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিয়েই ২৩ অক্টোবৰত ‘বৃহত্তৰ অসমীয়া সমাজ’ৰ বিভিন্ন অংশক প্ৰতিনিধিত্ব কৰা বিভিন্নটা (মুঠ ৪৬টা) সংগঠনে এই অসম বন্ধৰ আহ্বান জনাইছে।