যোৰহাটত ধঁপাত নিয়ন্ত্ৰণ বিষয়ক ৰাজ্যিক কৰ্মশালা

State level seminar on Tobacco control held in Jorhat

প্ৰতীকী ছবি। সৌজন্য: hubpages.com

ধঁপাত নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘদিন ধৰি অসমত কাম কৰি অহা নতুন দিল্লীৰ ‘কনজিউমাৰ ভইছ’ আৰু ৰাজ্যৰ ‘কনজিউমাৰচ লীগেল প্ৰটেকচন ফ’ৰাম’ৰ উদ্যোগত শুকুৰবাৰে যোৰহাটৰ আমছা ভৱনত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত সংকল্পশিখা, যোৰহাটৰ সহযোগত ৰাজ্যিক পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত কৰে।

ধঁপাত ব্যৱহাৰৰ পৰা যুৱ প্ৰজন্মক কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই উদ্দেশ্যেৰে আয়োজিত কৰ্মশালাখনত উপস্থিত থাকি ‘কনজিউমাৰচ লীগেল প্ৰটেকশন ফৰাম’ৰ সচিব অধিবক্তা অজয়  হাজৰিকাই শেহতীয়াভাৱে ডিব্ৰুগড়, যোৰহাট আৰু গুৱাহাটীত চলোৱা এক সমীক্ষাৰ আঁত ধৰি কয় যে যোৰহাট চহৰত ধঁপাত নিয়ন্ত্ৰণ আইন মুকলিভাৱে উলংঘা হৈ আছে।

চহৰখনত ধঁপাত বিক্ৰী কৰা ৬৭% দোকানতেই নাই বাধ্যতামূলকভাৱে থাকিবলগীয়া ধঁপাত বিক্ৰী সম্পৰ্কীয় সতৰ্কতামূলক জাননী। প্ৰতিখন দোকানতে ধঁপাতজাত সামগ্ৰীসমূহ গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰাকৈ মুকলিমূৰীয়াভাৱে ৰখা হয়। ৫০% দোকানত ধঁপাতজাত সামগ্ৰীৰ বিজ্ঞাপন আঁৰি থোৱা আছে। ৩৩% দোকানেই পেকেটৰপৰা উলিয়াই খোলাকৈ চিগাৰেট বিক্ৰী কৰে। ৮৭% দোকানেই ধঁপাতজাত সামগ্ৰীৰ লগতে চকলেট, চিপছ আদি বিক্ৰী কৰে, যাৰ ফলত কিশোৰ যুৱক  এনে  দোকানসমূহলৈ আহে।

ধঁপাতজাতীয় সামগ্রী বিক্ৰী কৰা দোকানৰ বাবে পৌৰ নিকায় নিগমৰ জৰিয়তে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰি ধঁপাতজাত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিবলৈ  ২০১৭ চনৰ ছেপ্টেম্বৰ মাহতেই কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক কঠোৰ নিৰ্দেশ দিছিল। কিন্তু আজি পৰ্যন্ত অসম চৰকাৰে এই নিৰ্দেশ কাৰ্যকৰী নকৰিলে।

কৰ্মশালাত যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰ পৰা কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই বিষয়ে ডাঃ অমৃত কুমাৰ শইকীয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, যোৰহাট; নাজমী আয়েছা আহমেদ, সচিব, জিলা আইন সেৱা প্ৰাধিকাৰী, যোৰহাট; ডাঃ ভক্তিময়  ভট্টাচাৰ্য, নোডেল বিষয়া, জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ, যোৰহাট আৰু প্ৰকাশ শৰ্মা, দায়িত্ববাহী বিষয়া, স্পেচিয়াল পুলিচ টাস্ক ফ’ৰ্চ, যোৰহাটে বিস্তৃতভাৱে আলোচনা আগবঢ়ায়।

কৰ্মশালাখনত ধঁপাত নিয়ন্ত্ৰণত সংবাদমাধ্যমৰ ভূমিকা সন্দৰ্ভত অঞ্জন কুমাৰ বৰা, জ্যেষ্ঠ সাংবাদিক আৰু তত্বাৱধায়ক, আমাৰ অসম, যোৰহাট; স্মাৰ্ট চিটিত ধঁপাত নিয়ন্ত্ৰণ সন্দৰ্ভত ডঃ  শুভাশিস শৰ্মা, অধ্যাপক আৰু মুৰব্বী, ৰাজনীতি বিজ্ঞান বিভাগ, জে বি কলেজ, যোৰহাট আৰু  পৱন বৰদলৈ, উপ সভাপতি, যোৰহাট পৌৰ সভা ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৌৰ নিকায় নিগমৰ ভূমিকা সন্দৰ্ভত মতামত আগবঢ়ায়।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত ধঁপাত ব্যৱহাৰ পূৰ্বৰ তুলনাত ৬% হ্ৰাস পোৱাৰ বিপৰীতে অসমত ধঁপাত ব্যৱহাৰকাৰীৰ সংখ্যা ৯% বৃদ্ধিহে পাইছে।