সামৰণি পৰিল ‘পয় লেং’; ১ কোটি টকাৰে মৌংলাং খামতি বৌদ্ধ বিহাৰত স্থাপন হ’ব যোগ প্ৰশিক্ষণ কেন্দ্ৰ

margherita

মাৰ্ঘেৰিটাৰ লিডুৰ মৌংলাং খামতি বৌদ্ধ বিহাৰ প্ৰাংগণত আজি ৰাজ্যিক মৰ্যাদাৰে প্ৰসিদ্ধ বৌদ্ধ ধৰ্মগুৰু ভাণ্টে গুণাৱন্ত মহাথেৰৰ শেষকৃত সম্পন্ন কৰা হয়। ইয়াৰ লগে লগে ২০ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে লিডুৰ ভাণ্টে গুণাৱান্তা মহাথেৰৰ ধৰ্মীয় অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতা ‘পয় লেং’ আজি সামৰণি পৰে।

এই উদ্দেশ্যে আজি পুৱাৰ পৰা উত্তৰ-পূবৰ লগতে ম্যানমাৰ থাইলেণ্ডকে ধৰি কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰ আৰু বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয়। ভাণ্টেৰ অন্ত্যেষ্টিক্ৰিয়াৰ আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ হৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেই অংশগ্ৰহণ কৰে৷ অসম চৰকাৰে ১ কোটি টকা ব্যয় সাপেক্ষে মৌংলাং খামতি বৌদ্ধ বিহাৰৰ প্ৰাঙ্গণত এটা আধ্যাত্মিক যোগ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ১০ নবেম্বৰত লিডুৰ মৌংলাং বৌদ্ধ বিহাৰৰ অধ্যক্ষ উ গুনাৱান্তা মহাথেৰৰ মহাপ্ৰয়াণ ঘটিছিল ৷ গুনাৱান্তা মহাথেৰ বৌদ্ধ মিছনৰ সদস্য হিচাপে ১৯৫৩ চনত ভাৰতলৈ আহিছিল৷

উত্তৰ-পূবৰ লগতে কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰত পৰিচিতি আৰু জনপ্ৰিয়তা থকা বৌদ্ধ ধৰ্মগুৰু গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে এটি পূৰ্ণ অৱয়বৰ প্ৰতিকৃতি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই দায়িত্ব গ্ৰহণ কৰিব বুলি মন্ত্ৰী নৱ দলেই সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷  আজিৰ “পয় লেঙৰ“ শেষ দিনটোত ম্যানমাৰ, থাইলেণ্ডৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সংখ্যক ৰাজ্যৰ ভক্তপ্ৰাণ ৰাজ্য উপস্থিত থাকে৷