NORTHEAST NOW (Assamese)

৩১ আগষ্ট সমাগত : দিচপুৰে বিচাৰিছে নিৰাপত্তাৰক্ষী বাহিনীৰ ১৪৫ টা অতিৰিক্তি কোম্পানী

August 13, 2019 9:49 am · এন ই নাও নিউজ
Updated: August 13, 2019 9:51 am
প্ৰতিনিধিত্বমূলক ফটো

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পাছত উদ্ভৱ হ’ব পৰা আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ গৃহ বিভাগ।

অসম চৰকাৰে এনে সম্ভাৱ্য পৰিস্থিতিৰ মোকাবিলাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ১৪৫ টা অতিৰিক্ত কোম্পানী বিচাৰিছে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অহা ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত এন আৰ চি প্ৰকাশৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ পথত।

গৃহ বিভাগৰ সূত্ৰ অনুসৰি আগন্তুক এন আৰ চি প্ৰকাশৰ সময়কালীন নিৰাপত্তা ব্যৱস্থাৰ বাবে সম্পূৰ্ণ পৰিকল্পনা হাতত লোৱা হৈছে।

জিলাভিত্তিক পৰ্যালোচনা কৰাৰ লগতে স্বাধীনতা দিৱসৰ পাছতেই পুনৰ চূড়ান্ত পৰ্যালোচনা চলোৱা হ’ব।

জিলা প্ৰশাসন তথা সংশ্লিষ্ট শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে পৰ্যালোচনা কৰাৰ পাছত ৰাজ্যখনত অসম আৰক্ষীক বাদ দি কেন্দ্ৰীয়  নিৰাপত্তাৰক্ষীৰ আৰু ২৫৪ টা কোম্পানীৰ প্ৰয়োজন হ’ব বুলি কোৱা হৈছে।

বৰ্তমান এন আৰ চিৰ সৈতে জড়িত নিৰাপত্তা ব্যৱস্থাত ১৬৪ টা কোম্পানীহে নিয়োজিত হৈ আছে।

আনহাতে ৰাজ্যখনৰ আইন-শৃংখলাৰ কামত নিয়োজিত কেন্দ্ৰীয় বাহিনীৰ ৫৫ টা কোম্পানী অলপতে জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰা হৈছে।

এনে পৰিস্থিতি ৰাজ্যৰ গৃহ বিভাগে আৰু কমেও ১৪৫ টা অতিৰিক্ত কেন্দ্ৰীয় বাহিনী বিচাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক পত্ৰ দিছে।

জানিব পৰা মতে, স্বাধীনতা দিৱসৰ পাছতে এই অতিৰিক্ত কোম্পানীসমূহ ৰাজ্যখনলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে।

Related News