পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ ৰাজ্যজুৰি কৰ্মবিৰতি

Assam

ৰাজ্য চৰকাৰৰ প্ৰতাৰণাৰ অভিযোগত সমগ্ৰ ৰাজ্যজুৰি কৰ্মবিৰতি প্ৰতিবাদ সাব্যস্ত কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰী সকলে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২০১০ চনৰ পৰা কৰ্মৰত ঠিকাভিত্তিত কৰ্মচাৰীসকলে মঙ্গলবাৰে কৰ্মবিৰতি পালন কৰে।

সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনস্থ কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিছে।

উল্লেখযোগ্য যে এইসকল কৰ্মচাৰীয়ে সম দৰমহা,চাকৰি নিশ্চিত কৰণ,চৰকাৰী অন্যান্য কৰ্মচাৰীৰ দৰে সা-সুবিধা প্ৰদান,বছৰি দৰমহা বৃদ্ধিৰ দাবীৰে বহুদিনৰ পৰা চৰকাৰৰ ওচৰত দাবী জনাই আহিছে।

কিন্তু এই পৰ্যন্ত কোনো সুদুত্তৰ নোপোৱাত এইদৰে কাৰ্যালয়ৰ সন্মুখত প্ৰতিগৰাকী কৰ্মচাৰীয়ে কৰ্মবিৰতি ঘোষণা কৰিছে।

লগতে অনতি পলমে এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে এই আন্দোলন অধিক শক্তিশালী হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে ঠিকাভিত্তিক কৰ্মচাৰী সকলে।