NORTHEAST NOW (Assamese)

ধুবুৰীত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি অনা টকা জব্দ

April 9, 2019 10:05 pm · এন ই নাও নিউজ
প্ৰতীকী ছবি।

আজি বিয়লি প্ৰায় ৩ বজাত ধুবুৰীৰ পানবাৰীৰ সাতাবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ষ্টেটিক ছাৰভেইলেন্সৰ দলে ১,১১,০০০ টকা জব্দ কৰিবলৈ সক্ষম হয়।

এ এছ ১৭ বি ৯৩৫০ নম্বৰৰ এখন চাৰিচকীয়া বাহনত তাপশ ভট্টাচাৰ্য নামৰ এজন ব্যক্তিয়ে আনি থকা অৱস্থাতে দলটোৱে এই টকাখিনি জব্দ কৰিবলৈ সক্ষম হয়। গাড়ীখন বিলাসীপাৰাৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল।

উল্লেখযোগ্য যে নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পিছৰে পৰা কোনো এজন লোকে ৫০ হাজাৰতকৈ বেছি টকা সৰবৰাহ কৰিব নোৱাৰে যদিও ৰাজ্যখনৰ বিভিন্ন স্থানত একাংশ লোকে এই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি লাখ লাখ টকা সৰবৰাহ কৰি আহিছে।

ধুবুৰী জিলা কাৰ্য্যবাহী দণ্ডাধীশৰ নেতৃত্বত ষ্টেটিক ছাৰভেইলেন্সৰ দলে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে। আনহাতে জব্দ কৰা টকাখিনি লৈ ইতিমধ্যে জিলা প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে।

Related News