• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ধৰ্ষণৰ পৰা হাত সাৰিবলৈ ঘৰতে থাকক’- গণসুৰক্ষাত বিফল গুজৰাট যান-বাহন আৰক্ষীৰ এই অদ্ভুত পোষ্টাৰক লৈ বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2025 8:11 pm
48
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত বৃদ্ধি পোৱা ধৰ্ষণ বন্ধ কৰাত ব্যৰ্থ হৈছে গুজৰাট চৰকাৰ! গুজৰাট প্ৰশাসনক কাৰ্যতঃ ৰাজ্যৰ আইন-শৃংখলা ব্যৱস্থাক জোকাৰি গৈছে আৰু ধৰ্ষণৰ পৰা হাত সাৰিবলৈ মহিলাসকল ঘৰতে থাকিবলৈ প্ৰস্তাৱ আগবঢ়াইছে। শেহতীয়াকৈ গুজৰাট যান-বাহন আৰক্ষীৰ উদ্যোগত ৰাজপথত এনে সজাগতামূলক পোষ্টাৰ লগোৱা হৈছে। পোষ্টাৰখন ওলোৱাৰ লগে লগে বিৰোধী শিবিৰে চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে। পোষ্টাৰখনত লিখা আছে, ধৰ্ষণৰ পৰা হাত সাৰিবলৈ ঘৰতে থাকক।

এই পোষ্টাৰখন আহমেদাবাদ যান-বাহন আৰক্ষীয়ে মহানগৰীৰ কেইবাটাও ৰাজপথত লগাইছে। য’ত মহিলাসকলক ধৰ্ষণৰ পৰা হাত সাৰিবলৈ ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়াৰ উপৰিও কোৱা হৈছে যে গভীৰ নিশালৈকে কোনো পাৰ্টিত উপস্থিত নাথাকিব। তেনে ক্ষেত্ৰত আপুনি ধৰ্ষণ বা দলবদ্ধ ধৰ্ষণৰ বলি হ’ব পাৰে। বন্ধুৰ লগত আন্ধাৰ বা নিৰ্জন ঠাইলৈ নাযাব। এই ক্ষেত্ৰত আপুনি ধৰ্ষণ বা দলবদ্ধ ধৰ্ষণৰ দৰে ঘটনাৰ সন্মুখীন হ’ব পাৰে বুলি ক’ব নোৱাৰি। যান-বাহন আৰক্ষীয়ে প্ৰকাশ কৰা এই পোষ্টাৰখন আহমেদাবাদৰ সোলা আৰু চান্দলোদিয়া অঞ্চলত পথৰ দাঁতিত দেখা গৈছে।

বিষয়টো পোহৰলৈ অহাৰ লগে লগে কংগ্ৰেছে গুজৰাট চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। এই পোষ্টাৰখনক গৰিহণা দি গুজৰাট কংগ্ৰেছে নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘এই ঘটনাটো বৰ লজ্জাজনক। এই পোষ্টাৰখনে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ বাঘেলৰ নেতৃত্বত গুজৰাটৰ গৃহ বিভাগে মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ৰাজপথত পোষ্টাৰ ওলোমাই চৰকাৰে নিজেই প্ৰমাণ কৰি আছে যে ৰাজ্যৰ মহিলাৰ কোনো নিৰাপত্তা নাই।’ আম আদমী পাৰ্টিয়ে কয়, ‘গুজৰাট চৰকাৰে নাৰী সবলীকৰণৰ কথা কয়, কিন্তু বাস্তৱতা হ’ল যে যোৱা ৩ বছৰত ইয়াত ৬৫০০ ধৰ্ষণ আৰু ৩৬টা দলবদ্ধ ধৰ্ষণ সংঘটিত হৈছে। অৰ্থাৎ প্ৰতিদিনে গড়ে ৫ গৰাকী মহিলাক ধৰ্ষণ কৰা হয়। তেতিয়া এই পোষ্টাৰখনে ৰাজ্যখনৰ মহিলাৰ সুৰক্ষাৰ কৰুণ অৱস্থাক আকৌ এবাৰ প্ৰমাণ কৰে।’

ইফালে, বিতৰ্ক তীব্ৰতৰ হোৱাৰ লগে লগে গুজৰাট যান-বাহন আৰক্ষীৰ উপ আয়ুক্ত নীতা দেশাইয়ে বিষয়টো সন্দৰ্ভত মুকলিকৈ কয়। তেওঁ কয়, “আমাৰ দায়িত্ব হৈছে পথ সুৰক্ষা প্ৰদান কৰা। আমাৰ কামৰ তালিকাত মহিলাৰ সুৰক্ষাৰ বিষয়টো নাহে। আৰু ইমান বিতৰ্ক চলি থকা বিষয়টোৰ সৈতে যান-বাহন আৰক্ষী বিভাগৰ কোনো সম্পৰ্ক নাই।” বিষয়াগৰাকীয়ে কয় যে শেহতীয়াকৈ তেওঁলোকে এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে হাত মিলাই এক সজাগতা অভিযান আৰম্ভ কৰিছে। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সেই সংস্থাৰ সহযোগত এই পোষ্টাৰখন বিতৰণ কৰা হৈছিল। অৱশ্যে যিখন পোষ্টাৰ লগোৱা হৈছিল, সেইখন আমাক দেখুৱাই নোপোৱাকৈয়ে ছপা কৰা হৈছিল। তাত যান-বাহন আৰক্ষীৰ কোনো মতামত লোৱা নহ’ল।

Recent News

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

‘ধৰ্ষণৰ পৰা হাত সাৰিবলৈ ঘৰতে থাকক’- গণসুৰক্ষাত বিফল গুজৰাট যান-বাহন আৰক্ষীৰ এই অদ্ভুত পোষ্টাৰক লৈ বিতৰ্ক

‘ধৰ্ষণৰ পৰা হাত সাৰিবলৈ ঘৰতে থাকক’- গণসুৰক্ষাত বিফল গুজৰাট যান-বাহন আৰক্ষীৰ এই অদ্ভুত পোষ্টাৰক লৈ বিতৰ্ক

উৰিয়ামঘাটত বৃহৎ উচ্ছেদ অভিযান: ৫ দিনত বেদখলমুক্ত হ’ল ১১০০ হেক্টৰ বনাঞ্চল

উৰিয়ামঘাটত বৃহৎ উচ্ছেদ অভিযান: ৫ দিনত বেদখলমুক্ত হ’ল ১১০০ হেক্টৰ বনাঞ্চল

বন সংৰক্ষণ আইনৰ উলংঘন! সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাবে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ

বন সংৰক্ষণ আইনৰ উলংঘন! সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাবে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd