• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ধৰ্ষণৰ পৰা হাত সাৰিবলৈ ঘৰতে থাকক’- গণসুৰক্ষাত বিফল গুজৰাট যান-বাহন আৰক্ষীৰ এই অদ্ভুত পোষ্টাৰক লৈ বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2025 8:11 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত বৃদ্ধি পোৱা ধৰ্ষণ বন্ধ কৰাত ব্যৰ্থ হৈছে গুজৰাট চৰকাৰ! গুজৰাট প্ৰশাসনক কাৰ্যতঃ ৰাজ্যৰ আইন-শৃংখলা ব্যৱস্থাক জোকাৰি গৈছে আৰু ধৰ্ষণৰ পৰা হাত সাৰিবলৈ মহিলাসকল ঘৰতে থাকিবলৈ প্ৰস্তাৱ আগবঢ়াইছে। শেহতীয়াকৈ গুজৰাট যান-বাহন আৰক্ষীৰ উদ্যোগত ৰাজপথত এনে সজাগতামূলক পোষ্টাৰ লগোৱা হৈছে। পোষ্টাৰখন ওলোৱাৰ লগে লগে বিৰোধী শিবিৰে চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে। পোষ্টাৰখনত লিখা আছে, ধৰ্ষণৰ পৰা হাত সাৰিবলৈ ঘৰতে থাকক।

এই পোষ্টাৰখন আহমেদাবাদ যান-বাহন আৰক্ষীয়ে মহানগৰীৰ কেইবাটাও ৰাজপথত লগাইছে। য’ত মহিলাসকলক ধৰ্ষণৰ পৰা হাত সাৰিবলৈ ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়াৰ উপৰিও কোৱা হৈছে যে গভীৰ নিশালৈকে কোনো পাৰ্টিত উপস্থিত নাথাকিব। তেনে ক্ষেত্ৰত আপুনি ধৰ্ষণ বা দলবদ্ধ ধৰ্ষণৰ বলি হ’ব পাৰে। বন্ধুৰ লগত আন্ধাৰ বা নিৰ্জন ঠাইলৈ নাযাব। এই ক্ষেত্ৰত আপুনি ধৰ্ষণ বা দলবদ্ধ ধৰ্ষণৰ দৰে ঘটনাৰ সন্মুখীন হ’ব পাৰে বুলি ক’ব নোৱাৰি। যান-বাহন আৰক্ষীয়ে প্ৰকাশ কৰা এই পোষ্টাৰখন আহমেদাবাদৰ সোলা আৰু চান্দলোদিয়া অঞ্চলত পথৰ দাঁতিত দেখা গৈছে।

Apply Now

বিষয়টো পোহৰলৈ অহাৰ লগে লগে কংগ্ৰেছে গুজৰাট চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। এই পোষ্টাৰখনক গৰিহণা দি গুজৰাট কংগ্ৰেছে নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘এই ঘটনাটো বৰ লজ্জাজনক। এই পোষ্টাৰখনে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ বাঘেলৰ নেতৃত্বত গুজৰাটৰ গৃহ বিভাগে মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ৰাজপথত পোষ্টাৰ ওলোমাই চৰকাৰে নিজেই প্ৰমাণ কৰি আছে যে ৰাজ্যৰ মহিলাৰ কোনো নিৰাপত্তা নাই।’ আম আদমী পাৰ্টিয়ে কয়, ‘গুজৰাট চৰকাৰে নাৰী সবলীকৰণৰ কথা কয়, কিন্তু বাস্তৱতা হ’ল যে যোৱা ৩ বছৰত ইয়াত ৬৫০০ ধৰ্ষণ আৰু ৩৬টা দলবদ্ধ ধৰ্ষণ সংঘটিত হৈছে। অৰ্থাৎ প্ৰতিদিনে গড়ে ৫ গৰাকী মহিলাক ধৰ্ষণ কৰা হয়। তেতিয়া এই পোষ্টাৰখনে ৰাজ্যখনৰ মহিলাৰ সুৰক্ষাৰ কৰুণ অৱস্থাক আকৌ এবাৰ প্ৰমাণ কৰে।’

ইফালে, বিতৰ্ক তীব্ৰতৰ হোৱাৰ লগে লগে গুজৰাট যান-বাহন আৰক্ষীৰ উপ আয়ুক্ত নীতা দেশাইয়ে বিষয়টো সন্দৰ্ভত মুকলিকৈ কয়। তেওঁ কয়, “আমাৰ দায়িত্ব হৈছে পথ সুৰক্ষা প্ৰদান কৰা। আমাৰ কামৰ তালিকাত মহিলাৰ সুৰক্ষাৰ বিষয়টো নাহে। আৰু ইমান বিতৰ্ক চলি থকা বিষয়টোৰ সৈতে যান-বাহন আৰক্ষী বিভাগৰ কোনো সম্পৰ্ক নাই।” বিষয়াগৰাকীয়ে কয় যে শেহতীয়াকৈ তেওঁলোকে এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে হাত মিলাই এক সজাগতা অভিযান আৰম্ভ কৰিছে। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সেই সংস্থাৰ সহযোগত এই পোষ্টাৰখন বিতৰণ কৰা হৈছিল। অৱশ্যে যিখন পোষ্টাৰ লগোৱা হৈছিল, সেইখন আমাক দেখুৱাই নোপোৱাকৈয়ে ছপা কৰা হৈছিল। তাত যান-বাহন আৰক্ষীৰ কোনো মতামত লোৱা নহ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd