NORTHEAST NOW (Assamese)

কাকপথাৰত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ; তিনিজনক আটক

August 28, 2023 3:08 pm · এন ই নাও নিউজ, তিনিচুকীয়া

ড্ৰাগছৰ অবৈধ সৰবৰাহৰ এক গোপন সূত্ৰৰ পম খেদি অসম এছটিএফে ড্ৰাগছ সৰবৰাহকাৰী সকলক কৰায়ত্ত কৰাৰ‌ লক্ষ্যৰে ২৭ আগষ্টত তিনিচুকীয়া জিলাত এক অভিযান চলায়। তিনিচুকীয়া জিলা আৰক্ষীৰ এটা দলেও এই অভিযানত অংশ লয়।

যুটীয়া অভিযানকাৰী দলটোৱে তিনিচুকীয়াৰ কাকপথাৰ থানা এলেকাৰ গন্ধৈগুড়ি তিনিআলিত এএছ ০৪ ৭০১০ নম্বৰৰ চুইফট ডিজায়াৰ আৰু এএছ ০১ বি ভি ৩০৯২ নম্বৰৰ মাৰুতি এল্টো গাড়ী দুখন আগুচি ৰখাই তালাচী চলাই গাড়ী দুখনত নিৰ্মাণ কৰি লোৱা গোপন কেবিনত লুকুৱাই অনা ৫৭ টা চাবোন বাকচত মুঠ ৭০০ গ্ৰাম পৰিমানৰ হেৰোইন উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয়।

এই ড্ৰাগছ সৰবৰাহকাৰী তিনিজন ব্যক্তি কৰিমগঞ্জৰ আৰু তেওঁলোকক মঃ ছিপ্লু আহমেদ (২৭ বছৰ), মঃ মাৰুফ আহমেদ (২৮ বছৰ) আৰু মঃ আবিদুল হক (২৪ বছৰ) বুলি চিনাক্ত কৰা হৈছে।

অভিযানকাৰী এছটিএফ-ৰ দলটোৱে আটক কৰা তিনিগৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে তেওঁলোকৰ পৰা উদ্ধাৰ কৰি জব্দ কৰা ড্ৰাগছ খিনি, গাড়ী দুখন, নগদ ধন ১৩,৯৫০ টকা আৰু ৫ টা মোবাইল ফোন তিনিচুকীয়া আৰক্ষীৰ হাতত গটাই দিয়ে।

Related News