NORTHEAST NOW (Assamese)

এসপ্তাহে কোনো শুংসূত্ৰ নাই, ক’ত হেৰাল পাপৰি বেনাৰ্জী?

February 24, 2019 6:04 pm · অনির্বান পাঠক

পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত ছ’চিয়েল মিডিয়াত পোষ্ট দি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল গুৱাহাটীৰ আইকন কমাৰ্চ কলেজৰ প্ৰৱক্তা পাপৰি বেনাৰ্জী। আজি এটা সপ্তাহ সম্পূৰ্ণ হৈ যোৱাৰ পাছতো কোনো শুংসূত্ৰ নাই সদ্য নিলম্বিত মহিলা প্ৰৱক্তাগৰাকীৰ।

যোৱা ১৭ ফেব্ৰুৱাৰিৰ পৰাই সন্ধানহীন হৈ আছে পাপৰি বেনাৰ্জী। কিন্তু তেওঁ ক’লৈ গ’ল, কেনে আছে তাৰ কোনো তথ্য নাই আৰক্ষী আৰু পৰিয়ালৰ হাতত।

মহিলাগৰাকীয়ে ফেইচবুকত ভাৰতীয় সেনাক উদ্দেশ্যি পোষ্ট আপডেইট দিয়াৰ পাছত চানমাৰি আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ১৩২/১৩ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ৫০৫ আৰু তথ্য আৰু প্ৰযুক্তি আইনৰ ৬৬ নম্বৰ ধাৰাত গোচৰ ৰুজু কৰিছিল। কিন্তু আৰক্ষীয়ে তেওঁক আজি পৰ্যন্ত বিচাৰি উলিয়াব নোৱাৰা বিষয়টোও চিন্তনীয়।

দেওবাৰে মহিলাগৰাকীৰ পিতৃ বিমল বেনাৰ্জীয়ে যোৱা এটা সপ্তাহে তেওঁৰ কন্যাৰ কোনো খবৰেই লাভ কৰা নাই বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে। অৱশ্যে নিজ কন্যা ঘৰৰ পৰা নাইকীয়া হৈ থকাত তেওঁ চিন্তিত যদিও পাপৰি পুনৰ উভতি আহিব বুলিও দৃঢ়তাৰেই আমাক কয়।

‘পাপৰিয়ে নিজেই ঘৰৰ পৰা ওলাই গৈছে। মনত আঘাত পাই তাই তেনেকৈ ওলাই গ’ল। কিছুদিন পাছত আকৌ ঘৰলৈ উভতি আহিব। তাই যথেষ্ট সাহসী আৰু আগে পিছেও দিল্লী, কলকাতাকে ধৰি বিভিন্ন ঠাই তাই অকলেই ঘুৰি ফুৰে। গতিকে কিবা অসুবিধাত পৰিব বুলি মই ভবা নাই’, পাপৰি বেনাৰ্জীৰ দেউতাক বিমল বেনাৰ্জীয়ে কয়।

তেওঁ লগতে অসমৰ বাহিৰত পাপৰিৰ বহু বন্ধু-বান্ধৱী আছে বুলিও আমাক জানিবলৈ দি কাৰোবাৰ লগত তেওঁ গৈ থাকিব পাৰে বুলিও সন্দেহ ব্যক্ত কৰে। অৱশ্যে পাপৰিয়ে ব্যৱহাৰ কৰা মোবাইল ফোনটো আৰক্ষীয়ে জব্দ কৰি ৰখাৰ বাবে তেওঁৰ বন্ধু-বান্ধৱী সকলৰ লগত দেউতাকে যোগাযোগ কৰিব পৰা নাই বুলিও কয়।

‘পাপৰি প্ৰকৃততে সন্ধানহীন হোৱা নাই’ বুলি দাবী কৰি তেওঁ উভতি আহিব বুলি দৃঢ় বিশ্বাস থকাৰ বাবেই পিতৃয়ে কন্যা সন্ধানহীন হোৱা সন্দৰ্ভত কোনো এজাহাৰ দাখিল কৰা নাই বুলিও বিমল বেনাৰ্জীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, যোৱা ১৪ ফেব্ৰুৱাৰিত কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত চি আৰ পি এফৰ বহুসংখ্যক জোৱান চহিদ হোৱা ঘটনাই সমগ্ৰ দেশবাসীক ম্ৰিয়মান কৰি ৰখাৰ সময়তে ফেইচবুকত এটা পোষ্ট আপডেইট দিছিল পাপৰি বেনাৰ্জীয়ে। এই পোষ্টৰ পাছতেই ছ’চিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক হৈছিল।

ফেইচবুক পোষ্টটোৰ বাবে একাংশ য়ুজাৰে তেওঁক ইনবক্সত হত্যা আৰু ধৰ্ষণৰ ভাবুকি দিয়া বুলিও পৰবৰ্তী এটা পোষ্টযোগে পাপৰিয়ে জানিবলৈ দিছিল। আনকি তেওঁৰ কিবা অঘটন হ’লে আৰক্ষীক তেওঁ পূৰ্বে দি থোৱা এখন এজাহাৰত থকা নামসমুহ চাবলৈও আহ্বান জনাইছিল।

কিন্তু তেনেক্ষেত্ৰত মহিলাগৰাকী সন্দৰ্ভত চানমাৰি আৰক্ষীৰ ভুমিকাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়।

পাপৰি সন্ধানহীন হোৱাৰ আগদিনা অৰ্থাৎ ১৬ ফেব্ৰুৱাৰিত চানমাৰি আৰক্ষীয়ে পাপৰিক থানালৈ মাতি নি নিশা ১০ বজালৈ সোধা-পোছা চলাইছিল বুলি আমাক পিতৃ বিমল বেনাৰ্জীয়ে জানিবলৈ দিয়ে। লগতে তেওঁৰ মোবাইল ফোনটোও আৰক্ষীয়ে জব্দ কৰি ৰাখে বুলিও কয়।

ইপিনে, পাপৰিয়ে চাকৰি কৰা আইকন কমাৰ্চ কলেজ কৰ্তৃপক্ষৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে পিতৃ বিমল বেনাৰ্জীয়ে।

তেওঁ ক্ষোভেৰে কয়, ‘আইকন কমাৰ্চ কলেজৰ পৰা পাপৰি বেনাৰ্জীক যেতিয়া নিলম্বিত কৰিছে সেই মূহুৰ্তলৈ তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো গোচৰেই ৰুজু কৰা নাছিল। তেনেক্ষেত্ৰত ফেইচবুক পোষ্ট এটাৰ বাবেই কলেজ কৰ্তৃপক্ষই তেওঁক নিলম্বিত কৰাটো কেনে ধৰণৰ কথা?’

আনহাতে, বিতৰ্কিত পোষ্ট সন্দৰ্ভত পিতৃৰ ভাষ্য, ‘কথা খিনি হয়তো তাই মিছা লিখা নাছিল, কিন্তু সেই সময়ত তাই সেই পোষ্টটো দিয়া উচিত নাছিল।‘

এতিয়া পাপৰি বেনাৰ্জীয়ে নিজেই উভতি আহিব বুলিয়ে আৰক্ষীয়েও বাট চাই আছে নে তেওঁক বিচাৰি উলিয়াবলৈ কিবা বিশেষ ব্যৱস্থা লৈছে সেয়াও এক প্ৰশ্ন হৈ পৰিছে।

Related News