মহানগৰীত সাংবাদিক আক্ৰমণৰ ঘটনা : এজনক গ্ৰেপ্তাৰ

প্ৰহৃত সাংবাদিক দিপাংকৰ মেধি (মাজৰজন)

আজি পুৱা গুৱাহাটী মহানগৰীত সাংবাদিক আক্ৰমণৰ এক ঘটনা সংঘটিত হয়। কাহিলীপাৰাৰ ভগদত্তপুৰ তিনিআলিত সংঘটিত উক্ত ঘটনাত খৰ্গেশ্বৰ কলিতা নামৰ এজন লোকৰ আক্ৰমণত দিপাংকৰ মেধি নামৰ সাংবাদিক গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আহত মেধি দৈনন্দিন বাৰ্তা নামৰ কাকতখনৰ মহানগৰৰ সংবাদদাতা হিচাপে কৰ্মৰত। তেওঁ কাহিলীপাৰাৰ ভগদত্তপুৰ তিনিআলিৰ ১৯ নং ঘৰত দুবছৰ ধৰি ভাৰাতীয়া হিচাপে বাস কৰি আছিল। আনহাতে আক্ৰমণকাৰী খৰ্গেশ্বৰ কলিতা উক্ত ঘৰটোৰ ‘কেয়াৰটেকাৰ’ৰ দায়িত্বত আছে।

মেধিয়ে জনোৱা অনুসৰি আজি পুৱা ৭ মান বজাত কেয়াৰটেকাৰ’ খৰ্গেশ্বৰ কলিতাই মেধিৰ ৰুমত সুমাই তেওঁক মাৰ-পিট কৰি মুখমণ্ডল, ডিঙি, হাত আৰু ভৰিত বেয়াকৈ আঘাত কৰে।

‘কেয়াৰটেকাৰজন এটা কেচা ৰুমত থাকে, গতিকে তেওঁ মোৰ ৰুমটোলৈ আহিবলৈ বিচাৰি আছে। মই থাকিলে তেওঁ কিছুমান কাম কৰিব নোৱাৰে। তেওঁ চোৰাংভাৱে এল পি জি চিলিণ্ডাৰ আৰু কেৰাচিন তেল বিক্ৰী কৰে। মই তেওঁক দুবাৰকৈ এইবোৰ বিক্ৰী কৰিবলৈ মানা কৰিছো। সেই কাৰণেই হয়তো মোক আজি তেওঁ আক্ৰমণ কৰিলে।‘-সাংবাদিক গৰাকীয়ে কয়।

ঘটনা সন্দৰ্ভত ভুক্তভোগী সাংবাদিকজনে দিচপুৰ আৰক্ষী থানাত দাখিল কৰা এক গোচৰৰ ভিত্তিত তথা দিচপুৰ থানাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত হিমাংশু দাসৰ নিৰ্দেশত ভগদত্তপুৰ আৰক্ষীয়ে খৰ্গেশ্বৰ কলিতাক গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে বুলি জানিবলৈ দিয়ে।