চামগুৰিৰ শিৱস্থান আৰক্ষী চকীত শিলাবৰ্ষণ, আৰক্ষীৰ লাঠীচাৰ্জ

চামগুৰিৰ শিৱস্থান আৰক্ষী চকীত শুকুৰবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। প্ৰাপ্ত তথ্য মতে স্থানীয় এক ভূমি-বিবাদক কেন্দ্ৰ কৰি দুটা পক্ষৰ একাধিক লোক নিশা আৰক্ষী চকীখনলৈ আহিছিল।

কিন্তু আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়াজনে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আনি প্ৰথম অৱস্থাত দুয়ো পক্ষৰ লোকে আৰক্ষী চকীখনতে প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে কিছু সময়ৰ পিছত তেওঁলোক ঘৰাঘৰি হ’বলৈ ধৰে যদিও সেই সময়তে আন্ধাৰ সুযোগলৈ পূৰ্বেৰে পৰা আৰক্ষী চকীখনৰ বাহিৰত থকা একাংশ অচিনাকি দুৰ্বৃত্তই অতৰ্কিতে আৰক্ষী চকীখনচ শিলাবৰ্ষণ কৰে।

উক্ত শিলাবৰ্ষণত দিলীপ কুমাৰ বৰ্মণ নামৰ এজন আৰক্ষী বিষয়া আহত হয়। ক্ৰমাৎ ভয়াবহ হৈ উঠা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাৰ লগতে আৰক্ষী চকীখনৰ সন্মুখত বিভিন্ন ঠাইৰ পৰা আহি সমবেত হোৱা একাংশ লোকক চত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়।

ইফালে পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰি নিশায়ে ঘটনাস্থলীত নগাঁও জিলা উপাযুক্ত, আৰক্ষী অধীক্ষক, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, চামগুৰি ৰাজহ চক্ৰ বিষয়াসহ জিলা প্ৰশাসনৰ কেইবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

অৱশ্যে নিশা সংঘটিত উক্ত ঘটনাক কেন্দ্ৰ কৰি চামগুৰিৰ শিৱস্থানত এতিয়াও এক চেপা উত্তেজনাই বিৰাজ কৰি আছে বুলি জানিব পৰা গৈছে।