পৃথক বৰাকলেণ্ড দাবী কৰা বন্ধ কৰক  – বাংলাভাষী সকলক সকীয়নি আলফা(স্বাধীন)ৰ 

অসমত বসবাস কৰা বাংলাভাষী সকলক ৬০ দিনৰ ভিতৰত পৃথক বৰাক ৰাজ্য গঠনৰ দাবী উঠাই ল’বলৈ সকীয়াই দিছে নিষিদ্ধ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী(স্বা), অসমে।

আলফা(স্বা)-এ ভাবুকি দি কয় যে যদি বাঙালীসকলে এই দাবী বন্ধ নকৰে তেন্তে ভৱিষ্যতে যিকোনো অবাঞ্চিত ঘটনাৰ বাবে ৰাজ্যখনৰ সমগ্ৰ বাংলাভাষী জনসাধাৰণ দায়ী হ’ব।

উল্লেখ্য যে, বৰাক উপত্যকাৰ বাংলাভাষী সকলৰ মাজত হিন্দু-মুছলমান – দুই সম্প্ৰদায়ৰে সমাজ আছে।

অসমৰ মুঠ ১২৬টা সমষ্টিৰ ভিতৰত বৰাক উপত্যকা অঞ্চলত ১৬টা বিধানসভা সমষ্টি আছে।

সততে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা নিৰ্বাচিত হোৱা নেতাসকলে অঞ্চলটোক অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰি পৃথক ৰাজ্যৰ দাবী কৰিছিল বৰাকৰ একাংশ সংগঠন তথা ব্যক্তিয়ে।

কিছুদিন পূৰ্বে বৰাকৰ স্ব-ঘোষিত অভিভাৱক তথা বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ে পৃথক বৰাক ৰাজ্যৰ দাবীত কলিকতাত এখন সংবাদমেল সম্বোধন কৰিছিল।

আলফা(স্বা)-এ বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰায়কো এই দাবী উত্থাপন কৰাৰ বাবে তীব্ৰ সমালোচনা কৰি ভৱিষ্যতে এনে দাবী নকৰিবলৈ সকীয়াই দিছে।

উল্লেখ্য যে বৰাক উপত্যকাৰ এটা সুকীয়া ৰাজ্য দাবীক সমৰ্থন কৰিবলৈ ইতিমধ্যে বিডিএফ নাম সংগঠন গঠন কৰা হৈছে।

এক বিবৃতিত আলফা(স্বা)-এ কয় যে অসমত বিভিন্ন জনগোষ্ঠীয়ে সম্প্ৰীতি আৰু ঐক্যবদ্ধতাৰে জীৱন নিৰ্বাহ কৰি আহিছে যদিও প্ৰদীপ দত্ত ৰয়ৰ এই দাবীয়ে ৰাইজৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে।

বৰাক উপত্যকাক বিভাজনৰ পৰা ৰক্ষা কৰাত ৰয় বা তেওঁৰ পূৰ্বপুৰুষৰ কোনো অৱদান নাছিল বুলিও অভিযোগ কৰিছে আলফা(স্বা)-এ।