• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ সংস্থাপনৰ অবিহনে উচ্ছেদ বন্ধ কৰক; দৰং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিলম্বন কৰক

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 29, 2021 3:14 pm
Stop eviction without rehabilitation; Suspend deputy commissioner and superintendent of police of Darang district
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০ আৰু ২৩ চেপ্টেম্বৰত চিপাঝাৰৰ ঢলপুৰ অঞ্চলত হোৱা উচ্ছেদক কেন্দ্ৰ কৰি পাঁচটা ৰাজনৈতিক দল ক্ৰমে:- চিপিআই, চিপিআই (এম), চিপিআই (এমএল), আঞ্চলিক গণ মৰ্চা আৰু ৰাষ্ট্ৰীয় জনতা দলে ছিপাঝাৰ ৰাজহৰ ঢলপুৰ উচ্ছেদ এলেকাত পৰিদৰ্শন কৰাৰ পাছত বুধবাৰে এক সংবাদমেল অনুষ্ঠিত কৰে।

সংবাদমেলত আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয় “ছিপাঝাৰৰ ম’হবন্ধাৰ পৰা পাৰঘাট হৈ ভৰদুপৰীয়া ঢলপুৰ পোৱা সময়ত পুৰুষ, মহিলা, শিশু, বৃদ্ধ-বৃদ্ধাসহ সহস্রাধিক লোক উৎকট গৰমৰ পৰা ৰক্ষা পোৱাৰ বাবে বাঁহতলৰ ছাঁত আশ্রয় লৈ আছিল। দলটোৱে লক্ষ্য কৰিছিল যে উচ্ছেদিত ৰাইজে বাসস্থান আৰু মাটি-বাৰী সৰ্বস্ব হেৰুৱাই নিৰাপত্তাহীনতা আৰু গভীৰ আশংকাত ভুগিছিল।ঘটনা সংঘটিত হোৱা অঞ্চলটোৰ চৌপাশে সশস্ত্র পুলিচ ফৌজ মোতায়েন কৰি ৰখা হৈছিল আৰু উচ্ছেদিত মাটিত টেক্টৰে হালবোৱা কাম চলাই গৈছিল।”

প্রতিনিধি দলটোক স্থানীয় ৰাইজে জনায় যে উচ্ছেদ ২০ আৰু ২৩ ছেপ্টেম্বৰ এই দুদিন চলিছিল। উচ্ছেদৰ জাননী দিয়ে আগদিনা ৰাতি। ২৩ ছেপ্তেম্বৰত পৰিস্থিতি ভয়াবহ হৈ পৰে আৰু মইনুল হক আৰু শ্বেখ ফৰীদক বৰ্ধৰভাৱে হত্যা কৰা হয়। ঘটনাত দুজনৰ মৃত্যুৰ লগতে গুৰুতৰভাৱে আহত হৈ ৯ জন লোক চিকিৎসাধীন হৈ আছে।

২ আৰু ৩ নং ঢলপুৰত সম্পূর্ণ উচ্ছেদ চলোৱাৰ বিপৰীতে ১ নং ঢলপুৰত চলোৱা হৈছিল আংশিক উচ্ছেদ। অঞ্চলটো দুখন গাওঁ পঞ্চায়তৰ সমষ্টি-বাজনা পথাৰ আৰু খানোৱা। তাৰে আধা বাম অঞ্চল আৰু আধা অংশ চাপৰি। অঞ্চলটোত ভোটাৰ প্ৰায় ১৭,০০০ যিসকল স্বীকৃতিপ্রাপ্ত ভাৰতীয় নাগৰিক।

উচ্ছেদ চলোৱা অঞ্চলত দুখন অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় আছে। অৱশ্যে স্কুল দুখনত উচ্ছেদ চলোৱা নাই।আনহাতে এখন জাতীয় বিদ্যালয় আছিল। সেইখন উচ্ছেদ কৰে। দলটোৱে লক্ষ্য কৰে যে উচ্ছেদিত ৰাইজৰ পৰা ঘটনা জানিব বিচৰাত তেওঁলোকে সুন্দৰ অসমীয়া ভাষাত ঘটনাৰ বিৱৰণ দাঙি ধৰিছিল।

প্রতিনিধি দলটোৱে লগ পোৱা বাজানা পথাৰ গাঁও পঞ্চায়তৰ সভানেত্রী হেলমিনা আকণ্ডকৰ ভাষ্য মতে ঢলপুৰ অঞ্চলৰ ৰাইজে চৰম নিৰাপত্তাহীনতাৰ মাজত জীৱন কটাইছে আৰু তেওঁলোকে অনবৰতে সন্দেহজনক নাগৰিক, সন্দেহজনক বাংলাদেশীৰ ছাব বহন কৰি হৈছে।

অঞ্চলটোৰ থলুৱা মুছলমান সকলৰো প্ৰায় ৩০০ বিঘা খেতি মাটিত উচ্ছেদ চলোৱা হৈছে বুলি দলটোক জনায় খানোৱা গাঁৱৰ বৃদ্ধ লোক খৰছেদ আলীয়ে। উচ্ছেদৰ বলি হোৱা ৩ নং ঢলপুৰৰ ৫০ বছৰীয়া শেখ চুৰট জামালে প্রতিনিধি দলক জনায় যে তেওঁৰ জন্ম ঢলপুৰতে হৈছে আৰু তেওঁলোকক এতিয়া উচ্ছেদ কৰা হৈছে।

তেনেদৰে খানোৱা গাঁৱৰ মহম্মদ চাহেৰ আলিয়ে জনায় যে তেওঁলোকৰ পৰা কমাৰচুবাৰ মাটি প্রশাসনে অঅধিগ্ৰহণ কৰিছে আৰু তাৰ বিনিময়ত কোনো মাটি বা সংস্থাপন দিয়া নাই।

স্থানীয় নৌচাদ অলীয়ে জনায় যে বিজেপি চৰকাৰে তেওঁলোকক সদায় অবৈধ বেদখলকাৰী আখ্যা দি আহিছে। সোণোৱাল চৰকাৰৰ দিনত অঞ্চলটোত তিনিবাৰ উচ্ছেদ হৈছিল। ৰাইজে মাটিৰ খাজনা দি আহিছিল যদিও ২০১৪ চনৰ পৰা সেয়া বন্ধ কৰি দিয়া হৈছিল।

নতুন মুখ্যমন্ত্ৰীয়ে সেই অঞ্চল ভ্ৰমণ কৰা সময়ত সংখ্যালঘু সংগ্রাম পৰিষদৰ তৰফৰ পৰা অঞ্চলটোৰ ৰাস্তা-ঘাট,খোৱাপানীকে ধৰি উন্নয়নমূলক পদক্ষেপ দাবী কৰি মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ দিয়া হৈছিল আৰু মুখ্যমন্ত্রীয়ে যুটীয়া সমিতি গঠন কৰি উন্নয়নৰ কাম কৰিব লাগে বুলি পৰামৰ্শ দিছিল। মুখ্যমন্ত্ৰীৰ লগত হোৱা আলোচনা সাপেক্ষে শিৱ মন্দিৰৰ সমীপত থকা লোকসকলক তাৰপৰা আঁতৰাই দিয়া হৈছিল।

তেওঁলোকে কয়, “আমি ভাৰতীয় নাগৰিক। আমাৰ ওপৰত সন্দেহজনক শব্দটো লগাই নিদিব। বিদেশী যদি আছে, তেন্তে তদন্ত কৰক। বিদেশী বাচি উলিয়াওক।”

এই সকলোবোৰ কথা পৰিদৰ্শন কৰি দলসমূহৰ দাবী:- (১) সংস্থাপন অবিহনে উচ্ছেন বন্ধ কৰক।

(২) ২৩ ছেপ্টেম্বৰত পুলিচৰ নৃশংস অত্যাচাৰ আৰু গুলীচালনাৰ ঘটনাটো উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰদ্বাৰা তদন্ত কৰক।

(৩) লাঠীচালনা আৰু গুলীচালনাত আহত আৰু নিহতসকলক উপযুক্ত ক্ষতিপূৰণ দিয়ক।

(৪) ততালিকে উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক।

(৫) দৰং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ততালিকে নিলম্বন কৰক।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm
‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

August 17, 2025 3:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd