দীপৰ বিলৰ মাজেৰে নিৰ্মাণ কৰিব নোৱাৰিব দ্বিতীয়টো ৰে’লপথ : সেউজ ন্যায়াধিকৰণ

deepar-bil_1523701233t

প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰকৃতিৰ প্ৰতি চৰম ভাবুকি তথা জীৱকুলৰ প্ৰতি দেখা দিয়া সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি দীপৰ বিলৰ মাজেদি পাৰ হৈ যোৱা ৰে’লপথক দ্বৈত ৰে’লপথলৈ উন্নীত কৰিব নোৱাৰিব উত্তৰ-পূব সীমান্ত ৰে’লৱেই। উত্তৰ-পূব সীমান্ত ৰে’লৱেক এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে।

উল্লেখ্য যে, বনৰীয়া হাতীৰ কৰিড’ৰ তথা জীৱ-জন্তু অহা-যোৱা কৰাত বাধা সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি পৰিৱেশ সচেতক ৰোহিত চৌধুৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিতে ন্যায়াধিকৰণে এই নিৰ্দেশ দিয়ে।

উল্লেখ্য যে অসমৰ মুখ্য সচিবৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰি বিষয়টো সন্দৰ্ভত চোৱাচিতা কৰি যোৱা জানুৱাৰি মাহতে ন্যায়াধিকৰণে এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

কিন্তু, ন্যায়াধিকৰণৰ নিৰ্দেশৰ পাছতো মুখ্য সচিবৰ সমিতিয়ে আজিলৈ কোনো ধৰণৰ প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে। সেয়ে এই প্ৰতিবেদন দাখিল নকৰা পৰ্যন্ত ন্যায়াধিকৰণে উক্ত অঞ্চলত দ্বিতীয়টো ৰে’লপথ স্থাপনৰ কাম বন্ধ ৰাখিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেক নিৰ্দেশ দিছিল।

ৰে’ল বিভাগে ন্যায়াধীকৰণৰ পূৰ্বৰ নিৰ্দেশ অমান্য কৰি পুনৰ ৰে’লপথ নিৰ্মাণ চলাই থকা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে দীপৰ বিলত ৰে’লপথ নিৰ্মাণ নকৰিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে।

ইয়াৰ উপৰি দ্বৈত ৰে’লপথ নিৰ্মাণৰ প্ৰসংগত অসম চৰকাৰৰ মুখ্য সচিবৰ অধ্যক্ষতাত ন্যায়াধীকৰণে গঠন কৰি দিয়া কমিটিৰ পৰামৰ্শ আখৰে আখৰে পালন কৰিব লাগিব বুলি ৰে’ল বিভাগক নিৰ্দেশ দিয়ে। যদি উত্তৰ-পূব ৰে’লৱেই ন্যায়াধীকৰণৰ নিৰ্দেশনা অৱমাননা কৰে তেন্তে বিহিত ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলিও উল্লেখ কৰে।

আনহাতে পৰিৱেশ সচেতক ৰোহিত চৌধুৰীয়ে দাখিল কৰা আবেদনৰ পৰৱৰ্তী শুনানী অহা ২০ নবেম্বৰত গ্ৰহণ কৰা হ’ব বুলি জনায়।