বেসুৰাকৈ গান গাই এইবাৰ আইনী ৰোষত পৰিছে হিৰো আলম। নিজৰ সুকীয়া ঢঙেৰে ইণ্টাৰনেট তথা সামাজিক মাধ্যমযোগে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা বাংলাদেশৰ ষ্টাৰজনক গান নাগাবলৈ আৰক্ষীয়ে সকিয়াই দিছে।
শেহতীয়াকৈ হিৰো আলমে নিজৰ ষ্টাইলত ৰবীন্দ্ৰ সংগীত আৰু নজৰুল সংগীত গাই সংগীতপ্ৰেমীৰ ৰোষৰ সন্মুখীন হৈছিল। কালোতীৰ্ণ এই সংগীতসমূহক হিৰো আলমে বেসুৰাকৈ গাই অপমান কৰিছে বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছিল। তাৰপাছতে ঢাকা আৰক্ষীয়ে এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰে।
উল্লেখযোগ্য যে নিজৰ সুকীয়া ঢং, একচন দৃশ্য আৰু বেসুৰা কণ্ঠৰ বাবে হিৰো আলম জগতবিখ্যাত। ইতিমধ্যে কেইবাখনো চিনেমাতো অভিনয় কৰিছে হিৰো আলমে।
অভিনয়-গানৰ উপৰিও হিৰো আলমে ২০১৮ চনত বাংলাদেশৰ সংসদীয় নিৰ্বাচনতো অংশ লৈছিল। নিৰ্বাচনটোত তেওঁ মাত্ৰ ৬৩৮ টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল। ফেচবুকত হিৰো আলমৰ দুই মিলিয়ন ফলোৱাৰ্ছ থকাৰ উপৰিও ইউটিউৱত আছে ডেৰ মিলিয়ন চাবস্ক্ৰাইবাৰ্চ।
হিৰো আলমে কণ্ঠদান আৰু অভিনয় কৰা আৰৱীয়ান চং নামৰ গানটোৱে ১৭ মিলিয়ন ভিউৱাৰ্ছ লাভ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে তেওঁক জেৰা কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত হিৰো আলমে কয় যে তেওঁক আঠঘণ্টা ধৰি জেৰা কৰা হয়।
এই জেৰাত হিৰো আলমক মানসিকভাৱে অত্যাচাৰ কৰা হৈছিল আৰু গান গোৱা বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰিছিল। তদুপৰি আৰক্ষীয়ে তেওঁক লিখিতভাৱে এখন ক্ষমা প্ৰাৰ্থনাতো চহী কৰিবলৈ জোৰ কৰিছিল বুলি হিৰো আলমে কয়।
আনহাতে, ঢাকাৰ আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে হিৰো আলমৰ গানৰ বিপক্ষে অলেখ অভিযোগ লাভ কৰা গৈছে। নিজৰ বেসুৰা মাতেৰে ৰবীন্দ্ৰ সংগীত গাই হিৰো আলমে পৰম্পৰাগত শৈলীসমূহ বিনষ্ট কৰা বুলি আৰক্ষীয়ে কয়।
তদুপৰি হিৰো আলমে পুনৰ এনেধৰণৰ গান নাগায় বুলিও আশ্বাস প্ৰদান কৰা বুলি আৰক্ষীয়ে জনায়।
আনহাতে, সমগ্ৰ বিষয়টোক লৈ হিৰো আলমৰ অনুৰাগী আৰু সমৰ্থকসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াক এজন শিল্পীৰ ব্যক্তিগত অধিকাৰৰ ওপৰত আক্ৰমণ বুলি তেওঁলোকে অভিহিত কৰিছে।