অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেন্দ্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক পত্ৰ প্ৰেৰণ কৰি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ সঠিকভাৱে মেৰামতি নহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰিবলৈ দাবী জনাইছে।
শনিবাৰে প্ৰকাশ পোৱা এই পত্ৰত গগৈয়ে উল্লেখ কৰিছে যে গাঁত-খাল, অসমান পৃষ্ঠ আৰু পানী জমা হোৱা পথৰ মাজতো ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ (NHAI) ২৭ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টোল আদায় কৰি আছে, যাৰ বাবে সাধাৰণ জনতা ক্ষোভ প্ৰকাশ কৰিছে।
তেওঁ লিখিছে, “এই পথসমূহৰ বেয়া অৱস্থাৰ ফলত যাত্ৰীৰ জীৱন বিপদাপন্ন, যান-বাহনৰ ক্ষতি আৰু নিয়মিত যাঁন-জটে দেখা দিছে। বিশেষকৈ সোণাপুৰ-ৰহাৰ আৰু গল্লা টোল প্লাজাৰ পৰা বাইহাটা চাৰিআলি-নলবাৰী পথত দুৰ্ঘটনা আৰু লেহেমীয়া যাত্ৰা সাধাৰণ ঘটনা হৈ পৰিছে।”
বানপানী, নিবনুৱা সমস্যাৰ মাজতো নতুন আৰু বৰ্তমানৰ টোল প্লাজাৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ উত্থান হোৱাৰ কথাও গগৈয়ে উল্লেখ কৰিছে। ট্রাক চালকসকলে অধিক খৰচৰ সন্মুখীন হোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে বুলি তেওঁ অভিযোগ কৰে।
গগৈয়ে কেৰালাৰ ৫৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিষয়ে উচ্চতম ন্যায়ালয়ৰ শেহতীয়াকৈ দিয়া ৰায়ৰ কথাও উত্থাপন কৰিছে। আদালতে স্পষ্ট কৈছে যে গাঁত-খাল থকা পথত টোল সংগ্ৰহ কৰিব নোৱাৰি, টোল নিৰ্ভৰ কৰিব লাগে নিৰাপদ আৰু সু-ৰক্ষণাবেক্ষণ কৰা পথৰ ওপৰত।
তেওঁ কয়, “আগতে মই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত একেধৰণৰ বিষয় উত্থাপন কৰিছিলোঁ, কিন্তু বৰ্তমান ২৭ আৰু ৩৭ নং ঘাইপথৰ অৱস্থা অধিক বেয়া হৈ পৰিছে। জৰুৰীভাৱে ব্যৱস্থা লোৱাটো সময়ৰ প্ৰয়োজন।
তেওঁ আহ্বান জনাইছে যাতে ২৭ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰয়োজনীয় মেৰামতি নোহোৱালৈকে আৰু পথবোৰ সুৰক্ষিত প্ৰমাণিত নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ ৰাখিবলৈ NHAIক নিৰ্দেশনা প্ৰদান কৰে। লগতে অসমত থকা সকলো টোল প্লাজাৰ সম্পূৰ্ণ অডিট কৰি ৰক্ষণাবেক্ষণৰ মানদণ্ড পৰীক্ষা কৰিবলৈও তেওঁ দাবী জনাইছে।