• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2025 5:17 pm
83
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেন্দ্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক পত্ৰ প্ৰেৰণ কৰি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ সঠিকভাৱে মেৰামতি নহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰিবলৈ দাবী জনাইছে।

শনিবাৰে প্ৰকাশ পোৱা এই পত্ৰত গগৈয়ে উল্লেখ কৰিছে যে গাঁত-খাল, অসমান পৃষ্ঠ আৰু পানী জমা হোৱা পথৰ মাজতো ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ (NHAI) ২৭ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টোল আদায় কৰি আছে, যাৰ বাবে সাধাৰণ জনতা ক্ষোভ প্ৰকাশ কৰিছে।

Apply Now

তেওঁ লিখিছে, “এই পথসমূহৰ বেয়া অৱস্থাৰ ফলত যাত্ৰীৰ জীৱন বিপদাপন্ন, যান-বাহনৰ ক্ষতি আৰু নিয়মিত যাঁন-জটে দেখা দিছে। বিশেষকৈ সোণাপুৰ-ৰহাৰ আৰু গল্লা টোল প্লাজাৰ পৰা বাইহাটা চাৰিআলি-নলবাৰী পথত দুৰ্ঘটনা আৰু লেহেমীয়া যাত্ৰা সাধাৰণ ঘটনা হৈ পৰিছে।”

বানপানী, নিবনুৱা সমস্যাৰ মাজতো নতুন আৰু বৰ্তমানৰ টোল প্লাজাৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ উত্থান হোৱাৰ কথাও গগৈয়ে উল্লেখ কৰিছে। ট্রাক চালকসকলে অধিক খৰচৰ সন্মুখীন হোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে বুলি তেওঁ অভিযোগ কৰে।

গগৈয়ে কেৰালাৰ ৫৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিষয়ে উচ্চতম ন্যায়ালয়ৰ শেহতীয়াকৈ দিয়া ৰায়ৰ কথাও উত্থাপন কৰিছে। আদালতে স্পষ্ট কৈছে যে গাঁত-খাল থকা পথত টোল সংগ্ৰহ কৰিব নোৱাৰি, টোল নিৰ্ভৰ কৰিব লাগে নিৰাপদ আৰু সু-ৰক্ষণাবেক্ষণ কৰা পথৰ ওপৰত।

তেওঁ কয়, “আগতে মই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত একেধৰণৰ বিষয় উত্থাপন কৰিছিলোঁ, কিন্তু বৰ্তমান ২৭ আৰু ৩৭ নং ঘাইপথৰ অৱস্থা অধিক বেয়া হৈ পৰিছে। জৰুৰীভাৱে ব্যৱস্থা লোৱাটো সময়ৰ প্ৰয়োজন।

তেওঁ আহ্বান জনাইছে যাতে ২৭ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰয়োজনীয় মেৰামতি নোহোৱালৈকে আৰু পথবোৰ সুৰক্ষিত প্ৰমাণিত নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ ৰাখিবলৈ NHAIক নিৰ্দেশনা প্ৰদান কৰে। লগতে অসমত থকা সকলো টোল প্লাজাৰ সম্পূৰ্ণ অডিট কৰি ৰক্ষণাবেক্ষণৰ মানদণ্ড পৰীক্ষা কৰিবলৈও তেওঁ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd