জম্মু-কাশ্মীৰত পুনৰবাৰ নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰিছে। কিস্তৱাৰ জিলাৰ ডাচ্চান-মাৰৱাহৰ দুৰ্গম বনাঞ্চলত বুধবাৰে বিয়লি সন্ধানহীন হোৱা দুগৰাকী আৰক্ষী বিষয়াৰ গুলীবিদ্ধ মৃতদেহ বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, মৃতদেহ দুটাৰ পৰা তেওঁলোকৰ চাৰ্ভিচ ৰাইফল দুটা সন্ধানহীন হৈ আছে, যিয়ে ঘটনাটোৰ আঁৰত সন্ত্ৰাসবাদীৰ হাত থকাটো স্পষ্ট কৰি তুলিছে। নিহত আৰক্ষী দুগৰাকীক ৪০ বছৰীয়া ৰছপাল কুমাৰ আৰু ৫৪ বছৰীয়া ববি চান্দ বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত বাতৰি অনুসৰি, ৰছপাল কুমাৰ আৰু ববি চান্দ জম্মু-কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অপাৰেচন গ্ৰুপৰ (SOG) অংশ আছিল। তেওঁলোকে কিয়াৰ ডাচ্চানৰ পৰা আন দুজন সতীৰ্থক দায়িত্ব চমজাই দিবলৈ ধেৰনা প’ষ্টলৈ গৈ থকা অৱস্থাতে সন্ত্ৰাসবাদীৰ এক এম্বুশ্বৰ সন্মুখীন হয়। এজন আৰক্ষীৰ মূৰত আৰু আনজনৰ পিঠিত গুলীৰ আঘাত স্পষ্ট হৈ আছে। সন্ত্ৰাসবাদীয়ে তেওঁলোকক হত্যা কৰাৰ পাছত তেওঁলোকৰ হাতত থকা ইণ্ডিয়ান স্মল আৰ্মছ চিষ্টেম (চমুকৈ ইনছাচ) আৰু .৩০৩ ৰাইফলকেইটা লুটি লৈ যায়।
বুধবাৰে দুপৰীয়াৰ ভাগত এই দুৰ্গম বনাঞ্চলৰ পৰা গুলীয়াগুলীৰ শব্দ শুনা গৈছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে। প্ৰথম অৱস্থাত তেওঁলোকৰ ম’বাইল ফোন মুকলি আছিল যদিও পাছলৈ দুয়োটা ফোন চুইচ অফ হৈ পৰে। এই অঞ্চলটো ম’বাইল নেটৱৰ্কৰ ‘শ্বেড’ জ’ন’ হোৱাৰ বাবে যোগাযোগত ব্যাঘাত জন্মে আৰু সন্ধিয়াৰ ভাগত আৰক্ষীৰ এটা দলে তেওঁলোকৰ সন্ধানত অভিযান আৰম্ভ কৰে।
উল্লেখ্য যে, এই ঘটনাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে বুধবাৰে কুলগাম জিলাৰ মিৰ বজাৰৰ সমীপত সন্ত্ৰাসবাদীয়ে চিআৰপিএফৰ এটা চেকপ’ইণ্টত আক্ৰমণ চলোৱাৰ ফলত তিনিগৰাকী জোৱান আহত হৈছিল। যোৱা জুলাই মাহৰ পৰা জম্মু-কাশ্মীৰত সংঘটিত এয়া তৃতীয়টো সন্ত্ৰাসবাদী আক্ৰমণ আৰু নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি কৰা দ্বিতীয়টো আক্ৰমণ। প্ৰাথমিক তদন্ত অনুসৰি কুলগামৰ আক্ৰমণত লস্কৰ-ই-তৈবাৰ কমেও তিনিজন সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ কৰা হৈছে আৰু ইয়াৰে দুজন বিদেশী নাগৰিক।
কিস্তৱাৰৰ দুৰ্গম বনাঞ্চলত লুকাই থকা সন্ত্ৰাসবাদীক উৎখাত কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে ইতিমধ্যে এলানি যৌথ তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ পূৰ্বে যোৱা ১৬ অক্টোবৰতো কিস্তৱাৰত বছিৰ আহমেদ নামৰ আন এগৰাকী এছপিঅ’ৰ মৃতদেহ তেওঁৰ বাসগৃহৰ সমীপত উদ্ধাৰ হৈছিল। অৱশ্যে, পাছত আৰক্ষীৰ তদন্তত স্পষ্ট হৈছিল যে ভূমি বিবাদৰ বাবে তেওঁক নিজৰ আত্মীয়ই হত্যা কৰিছিল। বৰ্তমানৰ এই ঘটনাত জড়িত সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিবলৈ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।





