বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

ধুমুহা-বৰষুণৰ ফলত বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰী অঞ্চলত বিস্তৰ ক্ষয়-ক্ষতি হৈছে ।

অঞ্চলটোৰ ধলাগাঁৱত সাপ্তাহিক বজাৰ চলি থকাৰ সময়তে পুৱা ৯:৩০ মান বজাত এজোপা গছ ভাগি পৰে ।

বজাৰ চলি থকাৰ মাজতে এনেদৰে গছ এডাল ভাগি পৰাত লোকসকল আতংকিত হয় যদিও সৌভাগ্যক্ৰমে কোনো লোক হতাহত নহ’ল ।

গছ জোপা ভাগি এখন এল্ট’ ৮০০ বাহনৰ ওপৰত পৰে ।

ফলত এল্ট’ বাহনখনৰ বহু ক্ষতিসাধন হয় । বাহনখন ধলাগাঁৱৰে ৰতিকান্ত চৌধুৰী নামৰ লোক এজনৰ বুলি জানিব পৰা গৈছে ।

চাৰিচকীয়া বাহনখনৰ উপৰি উক্ত স্থানত থকা এখন বাইকৰো অলপ ক্ষতিসাধন হয় ।

গছৰ ডাল এখন দোকানঘৰৰ চালতো পৰে । ইফালে বৈদ্যুতিক তাঁৰো ছিগি যোৱাত অঞ্চলটোত বিদ্যুত যোগান ব্যাহত হৈ পৰে ।

বঙাইগাঁও চহৰৰ কন্যা মহাবিদ্যালয়ৰ চৌহদত থকা এডাল গছো পথৰ ওপৰত ভাঙি পৰে ৷

সেই সময়ত ই- ৰিক্সা এখনত বিদ্যালয়লৈ গৈ আছিল কণ কণ শিশু ৷

কথমপি ৰক্ষা পৰে সকলো ৷ পিচত এছ ডি আৰ এফ তথা আপদকালীন সেৱা বিভাগৰ দল উপস্থিত হৈ পথটো মুকলি কৰে ৷