NORTHEAST NOW (Assamese)

দুধনৈত বৰদৈচিলাৰ তাণ্ডৱ:মুকলি আকাশৰ তলতে সময় অতিবাহিত কৰিছে ৫০ টা গৃহহাৰা পৰিয়ালে

April 16, 2022 8:03 pm · নীলমণি শৰ্মা ,কৃষ্ণাই
ধুমুহাই উৰুৱাই নিয়া গৃহৰ ভেটিতে মাতৃয়ে এগৰা ভাত খুৱাইছে সন্তানক।

বিহুৰ বতৰতে প্ৰচণ্ড ধুমুহা বতাহ-বৰষুণ আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন হৈছে দুধনৈত ৷

এই ধুমুহাই দুধনৈ চহৰকে ধৰি দুধনৈ নিকটৱৰ্তী কেইবাখনো গাঁৱত ব্যাপক ক্ষয় ক্ষতি কৰাৰ লগতে বিশেষকৈ গুৱাবাৰী গাওঁখন ধুমুহাত তচনচ হৈ যায়৷ ধুমুহা হৈ যোৱাৰ পিচত গুৱাবাৰী গাওঁৰ ৰাইজে এতিয়াও মুকলি আকাশৰ তলত থাকিব লগা হৈছে৷ থকা- খোৱাৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হবলগা হোৱা গাওঁবাসীয়ে এতিয়ালৈ স্থানীয় প্ৰশাসন কিম্বা জনপ্ৰতিনিৰ পৰা কোনো ধৰণৰ সাহায্য লাভ কৰা নাই৷ বিদ্যুৎ পৰিবাহী তাঁৰ তথা বিদ্যুৎৰ খুটা বাগৰি পৰাত এতিয়াও ৰাইজে আন্ধাৰত থাকিব লগা হৈছে৷

দুধনৈত গৰু বিহুৰ দিনাও দুধনৈ শিলাবৃষ্টিও হৈছিল ৷ শিলাবৃষ্টিৰ ফলত বহু মানুহৰ ঘৰৰ টিনৰ চাল পৰ্যন্ত ফুটি যায়৷ ধুমুহা বতাহত বৃহৎ বৃহৎ গছ ভাঙি পৰাত দুধনৈৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে ৷ কেইবাঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাত যাতায়ত বন্ধ হৈ পৰে ৷ লগতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে আবদ্ধ হৈ পৰে শ শ যান-বাহন ৷ স্থানীয় প্ৰশাসনে ৰাইজৰ সহায়ত পথৰ ওপৰত পৰি থকা গছ সমূহ কাটি ৰাষ্ট্ৰীয় ঘাইপথ মোকলোৱাৰ চেষ্টা কৰে ৷

বতাহ- ধুমহাৰ ফলত চহৰৰ মাজত থকা বৈদ্যুতিক খুটা উভালি পেলোৱাত  লগতে দুধনৈ চহৰকে ধৰি নিকটৱৰ্তী কেইবাখনো গাঁৱত ঘৰৰ টিনপাত উৰাই লৈ যোৱাত বিস্তৰ ক্ষতিসাধন হয়৷ তাৰোপৰি দুধনৈৰ বহু ব্যৱসায় প্ৰতিষ্ঠানৰো বৃহৎ ক্ষতি হয় ধুমুহা বতাহত ৷ আনহাতে গছ ভাঙি পৰাত বহু যান-বাহনৰো ক্ষতিসাধন হোৱাৰ খবৰ লাভ কৰা হৈছে ৷ দুধনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১ বহাগত দুধনৈ ৰাজহুৱা খেল পথাৰত অস্থায়ী ভাবে নিৰ্মাণ কৰা পেণ্ডেলো ধুমুহা বতাহে ভাঙি তচনচ কৰে৷ ধুমুহা-বতাহে তাণ্ডৱ সৃষ্টি কৰাত সমগ্ৰ দুধনৈ অঞ্চলত ম্লান পৰে ৰঙালী বিহুৰ উছাহ ৷

আনহাতে ধুমুহাই ধ্বংসলীলাৰ সৃষ্টি কৰা গুৱাবাৰী গাঁৱত আজিও অবৰ্ণনীয় পৰিৱেশ। ৪৮ ঘন্টাৰ পিছতো মুকলি আকাশৰ তলতে আছে বহু পৰিয়াল। সবাতোকৈ ডাঙৰ কথাটো হ’ল যে নিশা কটাবলৈ এটা গৃহ নথকা লোক সকলোৰ খবৰ ল’বলৈ আহৰি নাই জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ। প্ৰদান নকৰিলে নূন্যতম সাহায্যও ৷

কিতাপ পত্ৰ ধুমুহাই নষ্ট কৰাত হাহাকাৰ লাগিছে ছাত্ৰ-ছাত্ৰী সকলোৰ মাজতো। এতিয়া গুৱাবাৰী গাঁৱৰ ৫০টাৰো অধিক পৰিয়ালে অনাহাৰে- অনিদ্ৰাৰে দিন কটাইছে ৷

Related News