দৰিদ্ৰতাৰ বাধা নেওচি সংগীতৰ জয়যাত্ৰা অব্যাহত পিতৃহীনা কিশোৰী আলিফাৰ

IMG-20201109-WA0002(1)

ভগৱানে দিলে কোনেও বাধা দি ৰাখিব নোৱাৰে আৰু ভগৱানে ল’লেও কোনেও একো কৰিব নোৱাৰে।এই বাক্যশাৰী যেন এগৰাকী কিশোৰীৰ বাবে বাস্তৱ হৈ পৰিছে।

দৰিদ্ৰতা তথা অভিভাৱক নাথাকিলেও সাধনাৰে যে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ব পাৰি তাৰ প্ৰমাণ দাঙি ধৰিছে অতিকৈ ভিতৰুৱা অঞ্চলৰ এগৰাকী কিশোৰীয়ে।

সৰুতে এক পথ দুৰ্ঘটনাত পিতৃহীনা হৈ পৰে কিশোৰী গৰাকীয়ে মাতৃৰ আদৰ স্নেহত ডাঙৰ হয়। এক নিৰিবিলি গাঁৱলীয়া পৰিৱেশৰ মাজত  খলাবমা ৰাস্তা, বিধ্বস্ত যাতায়ত; তেনে এক অত্যন্ত প্ৰত্যন্তৰ অঞ্চলৰ পৰা নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে আলিফা খাতুন নামৰ এই কিশোৰী গৰাৰীয়ে।

কিশোৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে কোনো সংগীতৰ প্ৰশিক্ষণো লোৱা নাই; ৰেডিঅ বা আনৰ মোবাইলত মাজে মাজে গান শুনি আয়ত্ত কৰি লৈছে বাংলা, অসমীয়া, হিন্দী আদি গান।

সৰুৰে পৰাই কিশোৰীগৰাকীৰ গানৰ প্ৰতি আছিল দুৰ্বলতা। যাৰ বাবে সহজেই আয়ত্ত কৰি লৈছে বিভিন্ন গান। দহবছৰ বয়সৰ পৰাই মঞ্চত বিভিন্ন গান গাই দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈ আহিছে আলিফা।

আলিফাই কেৱল গানত পাৰদৰ্শিতা দেখুৱাইছে যে এনে নহয়, মঞ্চত গান গাই যি টকা পায় সেই টকাৰে নিজৰ অধ্যয়নো অব্যাহত ৰাখিছে।

যোৱা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ আন এক গৌৰৱ কৰিয়াই আনে পিতৃহীন আলিফাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত লকডাউনৰ বাবে কোনো অনুষ্ঠান কৰিব নোৱাৰি আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে যদিও নিজৰ অধ্যয়ন চলাই যোৱাৰ সংকল্প লৈছে আ্লিফাই।

পিতৃ মাতৃৰ দ্বিতীয় কন্যা আলিফাৰ জন্মৰ পিছত কৰ্মসুত্ৰে দৰং জিলাৰ ভালুগাৱত ভাড়া ঘৰত থাকিবলৈ লোৱা আলিফাৰ পিতৃৰ আলী আকবৰৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয়। পিতৃ পথ দুৰ্ঘটনাত নিহত হোৱাৰ সময়ত আলিফা আছিল পানী কেচুৱা।

তাৰ পিছৰে পৰাই ক’লা ডাৱৰে ছানি ধৰিলে আলিফাৰ পৰিয়ালটোক। মাতৃ ফুলসাহ বেওৱাই দুখ কষ্টৰ মাজেৰে নিজৰ সন্তান দুটিক  ডাঙৰ দীঘল কৰিলে আৰ্থিক অনাটনৰ মাজেৰে।

কিন্তু লকডাউনে পুনৰ পৰিয়ালটোলৈ স্বাভাৱিক ছন্দলৈ নমাই আনিলে পুনৰ ঘোৰ অন্ধকাৰ। উপায়হীন হৈ আলিফাই বেঁকী নদীৰ চৰত নিজৰ আত্মীয়ৰ ঘৰলৈ আহি গানৰ প্ৰতি গুৰুত্ব দিয়ে আৰু বৰ্তমান তাই এজন ভাল গায়িকা হোৱাৰ পথত অগ্ৰসৰ হৈছে।

আলিফা ভৱিষ্যতে এজনী ভাল গায়িকা হৈ দেশৰ গৌৰৱ কঢ়িয়াই অনাৰ বাবে দৃঢ় আশাবাদী। কিন্তু প্ৰশিক্ষণ ল’বলৈ আলিফাৰ নাই পৰ্যাপ্ত পৰিমাণে সুবিধা। কোনোবা সদাশয় ব্যক্তিয়ে এই পিতৃহীন আলিফাক সহায় কৰিলে নিশ্চয় এদিন ভাল গায়িকা হ’ব পাৰিব।