গল্পকাৰ, আৰক্ষী বিষয়া পাৰ্থ বিজয় দত্তৰ পৰলোক প্ৰাপ্তি

51508130_2122302734747299_8742514232903335936_n

গল্পকাৰ, আৰক্ষী বিষয়া পাৰ্থ বিজয় দত্ত। ফটো : ফেচবুক

এগৰাকী সম্ভাৱনাপূৰ্ণ অসমীয়া গল্পকাৰ তথা আৰক্ষী বিষয়া পাৰ্থ বিজয় দত্তৰ বৃহস্পতিবাৰে ৰাতিপুৱা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পাতালত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ মৃত্যুৰ বাতৰিয়ে বন্ধু-বান্ধৱ, গুণগ্ৰাহী তথা আত্মীয় স্বজন সকলোকে শোকাভিভুত কৰি তুলিছে।

যুৱ গল্পকাৰ গৰাকীয়ে কৰ্কট ৰোগত আক্ৰান্ত হৈ মহানগৰীৰ নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ লেখিকা পত্নী স্বাতী কিৰণ, পিতৃ-মাতৃৰ উপৰি অসংখ্য গুণমুগ্ধ তথা আত্মীয় স্বজনক এৰি থৈ গৈছে।

মাথোঁ ৩৮ বছৰীয়া দত্তৰ ঘৰ আছিল উজনি অসমৰ যোৰহাটত। যোৰহাট জিলাৰ তিতাবৰত তেওঁ সহকাৰী আৰক্ষী অধীক্ষক (এএছপি) কৰ্মৰত আছিল।

দত্তই কেইবাখনো গল্প পুথি লিখি থৈ গৈছে। তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল ‘খান্দাহাৰ’(২০১৫), ‘চেৰী ফুলৰ বতৰ আৰু এটা সাধু’(২০১৬) আৰু ‘দূৰৈৰ ঘন্টা ধ্বনি’(২০১৯)। তদুপৰি, তেওঁ কিছু দিক্দৰ্শী কবিতা তথা প্ৰৱন্ধও লিখি থৈ গৈছে। তেওঁৰ অকাল মৃত্যুৱে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে।

প্ৰতিভাৱান গল্পকাৰ তথা যুৱ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত বিভিন্নজনে শোকবাৰ্তা দিয়াৰ লগতে তেওঁৰ ব্যতিক্ৰমী প্ৰতিভাৰ সোঁৱৰণ কৰিছে।