NORTHEAST NOW (Assamese)

কুকুৰকে বাঘ সজাই এৰি দিলে ৰাজপথত ,উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী

September 2, 2020 2:12 pm · এন ই নাও নিউজ
Updated: September 2, 2020 2:14 pm

ৰাজপথত ঘূৰি ফুৰিছে এটা বাঘে।

বাঘটোৰ খোজ-কাটল ঠিক বাঘৰ দৰে নহয়। বাঘৰ দৰে গোঁজৰনিও মৰা নাই জন্তুটোৱ।

তথাপি সকলোৰে মনত আতংক। কাৰণ গুজৰি-গুমৰি নাথাকিলেও জন্তুটো দেখাত বাঘৰ দৰেইে।

ৰাজপথত বিচৰণ কৰা জন্তুটোক দেখি বহুতেই খবৰ দিলে বন বিভাগক।

অদ্ভুত আকৃতিৰ বাঘটোক চাবলৈ ৰাজপথত লাহে লাহে মানুহৰ ভিৰো বাঢ়িবলৈ ধৰিলে।

এটা সময়ত বন বিভাগৰ লোক আহি উপস্থিত হ’ল ঘটনাস্থলীত।

বন বিভাগৰ লোকে ভালদৰে চাই নিশ্চিত কৰিলে সেয়া বাঘ নহয়,এটা কুকুৰহে।

কোনো লোকে কুকুৰটোৰ দেহত বাঘৰ দৰে ৰং লগাই তাক ৰাজপথত এৰি দিছে।

কিছুদিন পূৰ্বে কুকুৰক ৰং সানি বাঘ বনোৱাৰ এক ঘটনা ভাৰত বৰ্ষৰ কৰ্ণাটকত ঘটিছিল।

https://www.facebook.com/animalmalaysia/posts/1348819721991891

এই বাৰ অৱশ্যে কুকুৰক বাঘলৈ ৰূপান্তৰিত কৰাৰ ঘটনা ঘটিছে মালয়েছিয়াত।

কোনো দুষ্ট লোকে ৰং সানি এনেদৰে কুকুৰক বাঘ বনোৱাৰ ঘটনাক নিন্দা কৰিছে প্ৰকৃতিপ্ৰেমী সকলে।

কাৰণ কুকৰে জিভাৰে ছাল চেলেকাৰ ফলত বিষাক্ত ৰং গৈ কুকুৰৰ পেট পায়গৈ।

মালয়েছিয়াৰ এই ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছে মালয়েছিয়া এনিমেল এছোচিয়েছনে।

প্ৰকৃতি সংগঠনটোৱে এনে কাৰ্যৰ পৰা সকলোকে আতঁৰি থাকিবলৈ আহ্বান জনাইছে।

Related News