ল’কডাউনৰ সময়ত ল’কডাউন ভংগ কাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে গুৱাহাটী মহানগৰ আৰক্ষী।
২৫ মাৰ্চৰ পৰা আজি পৰ্যন্ত ল’কডাউন ভংগকাৰীৰপৰা ৪,৫৭,৮৯,১৫০ টকা জৰিমনা সংগ্ৰহ কৰিছে মহানগৰ আৰক্ষী।
অসম আৰক্ষীৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই কথা প্ৰকাশ কৰে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই।
মহন্তই কয় ‘২৫ মাৰ্চৰ পৰা আজি পৰ্যন্ত ৩৯০৬ ঘটনাৰ ভিত্তিত ৪৭৭৭ জন মানুহক গ্ৰেপ্তাৰ কৰা হয়।’
ল’কডাউন ভংগৰ অপৰাধত ৩৫,০৫৬ খন গাড়ী জব্দ কৰা হয়’।
ল’কডাউন ভংগৰ অপৰাধত জব্দ কৰা গাড়ীৰ ভিতৰত দুচকীয়া বাহন ৩০৯৩১ খন, তিনিচকীয়া বাহন ৭২৬ খন, চাৰিচকীয়া বাহন ৩২৭১ খন, ছয়চকীয়া বাহন ৭৬ খন,বাছ ৪ খন, ট্ৰাক ২৮ খন, ট্ৰেইলাৰ ১ খন, ট্ৰেক্টৰ ১৫ খন,জেচবি ০৩ খন, পকলেণ্ড ১ খন হাত নাও ২৩ খন, যন্ত্ৰ চালিত নাও ১১ খন।
ইপিনে মাস্ক নিপিন্ধাৰ ফলত ৭৩,২৪,৫০০ টকা জৰিমনা সংগ্ৰহ কৰিছে আৰক্ষীয়ে।
আনহাতে ২৫ মাৰ্চৰ পৰা আজি পৰ্যন্ত ক’ৰ’না সম্পৰ্কীয় ভুৱা বাতৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা সন্দৰ্ভত ৯৭ টা গোচৰ ৰুজু কৰা হোৱাৰ লগতে গ্ৰেপ্তাৰ কৰা হয় ৫১ জনক।
ইয়াৰে ১২ গৰাকী লোকে জামিনত মুক্তি লাভ কৰিছে। ৪১(এ) ধাৰাৰ অধীনত ২০ জন লোকে মুক্তি লাভ কৰিছে।