NORTHEAST NOW (Assamese)

কলিয়াবৰত ধুমুহাৰ তাণ্ডৱ: চলন্ত বাহনৰ ওপৰতে উভালি পৰিল গছ

April 18, 2022 4:12 pm · ৰিদিপ শৰ্মা,কলিয়াবৰ

এজাক বিধ্বংসী ধুমুহাত কলিয়াবৰৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন হৈছে ।

ধুমুহাৰ ফলত চতিয়ালৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত চাৰিচকীয়া বাহনৰ ওপৰত পৰিল প্ৰকাণ্ড গছ। সৌভাগ্য ক্ৰমে ৰক্ষা পৰিল বাহন খনৰ আৰোহীসকলৰ প্ৰাণ।

ধুমুহাই হাতীগাওঁ চাহ বাগিচাৰ বৃহৎ অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে।

বাগিচাখনৰ সূৰ্য হাতীগাঁও প্ৰাথমিক বিদ্যালয়ৰ লগতে সূৰ্য হাতীগাঁও অংগনবাড়ী কেন্দ্ৰটো ভাঙি ক্ষতি সাধন কৰে।

আনহাতে হাতীগাওঁ শাকমুঠী পানীযোগান আঁচনিৰ জেনেৰেটৰটোও ধুমুহাত গছ পৰি ভাঙি চূৰমাৰ হৈ যায়।

কলিয়াবৰৰ চতিয়ালতো ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে।

চতিয়ালৰ তেল ডিপোৰ ওচৰত ঘটে এই ঘটনা। ফলত উজনি- নামনিৰ যাতায়ত বহু সময় ধৰি বন্ধ হৈ পৰে।

অৱশ্যে প্ৰশাসনে স্থানীয় ৰাইজৰ সহযোগত গছ কাটি পথটো মুকলি কৰে।

কলিয়াবৰৰ শালনাৰ চিমনাবস্তিত বিধ্বংসী ধুমুহাই গছ- গছনি ,ঘৰ- দুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰে ।

Related News